প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন দিল্লীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক (PM Narendra Modi Meets Russian President Vladimir Putin) সাক্ষাৎ কৰে৷ বৈঠক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "কোভিডে সৃষ্টি কৰা প্ৰত্যাহ্বান সত্ত্বেও ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ বিকাশৰ গতি সলনি হোৱা নাই৷ আমাৰ বিশেষাধিকাৰপ্ৰাপ্ত ৰণনীতিগত অংশীদাৰিত্ব শক্তিশালী হৈ আছে।"
বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা কেইটামান দশকত বিশ্বত বহুতো আমূল পৰিৱৰ্তন দেখা গৈছে আৰু বিভিন্ন ধৰণৰ ভূ-ৰাজনৈতিক সমীকৰণ উদ্ভৱ হৈছে, কিন্তু ভাৰত আৰু ৰাছিয়াৰ মাজত বন্ধুত্ব অব্যাহত আছে।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভাৰত আৰু ৰাছিয়াৰ (India-Russia Relations) মাজৰ সম্পৰ্ক সঁচাকৈয়ে আন্তঃৰাজ্যিক বন্ধুত্বৰ এক অনন্য আৰু নিৰ্ভৰযোগ্য আৰ্হি।
আনহাতে বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কয়, "আমি ভাৰতক এক মহান শক্তি, বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ আৰু সময়ৰ পৰীক্ষাত মিলিত হোৱা বন্ধু হিচাপে দেখিছোঁ। আমাৰ দেশসমূহৰ সৈতে সম্পৰ্ক বাঢ়ি আহিছে আৰু মই ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিছোঁ।"
পুটিনে কয় যে ভাৰত আৰু ৰাছিয়াৰ বৰ্তমান প্ৰায় ৩৮ বিলিয়ন অংশীদাৰী বিনিয়োগ আছে আৰু ৰাছিয়াৰ পৰা অলপ অধিক বিনিয়োগ বৃদ্ধি হ'ব। তেওঁ কয় যে সামৰিক আৰু কাৰিকৰী ক্ষেত্ৰত যিধৰণে সহযোগিতা ৰাছিয়াই কৰে, সেয়া কোনো দেশেই নকৰে। তেওঁ ভাৰতত উচ্চ প্ৰযুক্তিৰ লগতে উৎপাদনো বিকাশ কৰাৰ কথা উল্লেখ কৰে।
পুটিনে লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, ড্ৰাগছ সৰবৰাহ আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজৰ প্ৰসংগ উত্থাপন খৰে। এই ক্ষেত্ৰত তেওঁ আফগানিস্তানৰ পৰিস্থিতিৰ বিষয়ে চিন্তিত বুলি জানিবলৈ দিয়ে। দুয়োগৰাকী নেতাই নতুন দিল্লীৰ হায়দৰাবাদ হাউচত বৈঠকত মিলিত হৈছে, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনায়।
ভাৰত আৰু ৰাছিয়াৰ মাজত স্বাক্ষৰিত গুৰুত্বপূৰ্ণ চুক্তিসমূহ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত হোৱা বৈঠকৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তেওঁৰ ৰাছিয়াৰ সমকক্ষ জেনেৰেল ছেৰ্গেই ছোইগু (Russian Defence Minister)য়ে ভাৰত আৰু ৰাছিয়াৰ মাজত (agreements between India and Russia) চুক্তি স্বাক্ষৰ কৰে।
ভাৰত আৰু ৰাছিয়াই ভাৰত-ৰাছিয়া ৰাইফলছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে এছল্ট ৰাইফল একে-২০৩ ক্ৰয় কৰাৰ বাবে ২০২১-২০৩১ চনলৈ সামৰিক-কাৰিকৰী সহযোগিতা কাৰ্যসূচীৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছে। একে সময়তে কালছনিকভ শৃংখলাৰ ক্ষুদ্ৰ অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তি সংশোধনৰ বাবে দুয়োখন দেশৰ মাজত প্ৰটোকল স্বাক্ষৰিত হয়।