চেন্ট্ৰেল ৰে’লৱেৰ অধীনত বিভিন্ন খালী পদত নিয়োগৰ বিজ্ঞপ্তি প্ৰকাশ


 

সম্প্ৰতি চেন্ট্ৰেল ৰে’লৱে (Central Railway), ৰে’লৱে ৰিক্ৰুইটমেণ্ট চেল (Railway Recruitment Cell)ৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি লেভেল ১ আৰু ২ পদত, স্প’ৰ্টছ কোটাৰ আওতাত নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে বিশদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ৰে’লৱে ৰিক্ৰুইটমেণ্ট চেলৰ অফিচিয়েল ৱেবছাইট https://indianrailways.gov.in/railwayboard/view_section.jsp?lang=0&id=0,4,1244 লৈ গৈ চাব পাৰে।


Central Railway Recruitment 2021: আবেদনৰ তাৰিখ

প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ৬ ডিচেম্বৰ, ২০২১ তাৰিখৰ পৰা। প্ৰাৰ্থীসকলে ২০ ডিচেম্বৰ ২০২১ৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব। আবেদন পত্ৰ প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব। এই সংক্ৰান্তীয় কোনো সালসলনি থাকিলে সেয়া নটিফিকেচনৰ যোগেদি প্ৰাৰ্থীসকলক জনোৱা হ’ব। 

প্ৰতিষ্ঠানৰ ফালৰ পৰা এতিয়ালৈ মুঠ ১২টা খালী পদ আছে বুলি জনোৱা হৈছে।

Central Railway Recruitment 2021: বিশেষ ঘোষণা

লেভেল–১ত মুম্বাই, ভুছাৱল, নাগপুৰ, পুনে আৰু ছোলাপুৰ বিভাগৰ প্ৰতিটোত ২টাকৈ পদ পূৰণ কৰা হ’ব।

Central Railway Recruitment 2021: আবেদন মাচুল

অন্যান্য বিভাগৰ প্ৰাৰ্থীসকলে আবেদন মাচুল ৫০০ টকা দিব লাগিব আৰু SC/ST/PwD/মহিলা প্ৰাৰ্থীসকলে আবেদন মাচুল হিচাপে ২৫০ টকা দিব লাগিব।

নিয়োগ সম্পৰ্কীয় সম্পূৰ্ণ তথ্য :

পদৰ নামলেভেল–১, লেভেল–২
খালী পদৰ সংখ্যা১২
কামৰ ধৰণজনোৱা হোৱা নাই
নিৰ্বাচন পদ্ধতিজনোৱা হোৱা নাই
আবেদন প্ৰক্ৰিয়া আৰম্ভ০৬.১২.২০২১
শিক্ষাগত অৰ্হতালেভেল–২ : দশম বা তাৰ সমপৰ্যায়ৰ পৰীক্ষাত মুঠ ৫০ শতাংশৰ অধিক নম্বৰ লৈ উত্তীৰ্ণ হ’ব লাগিব
লেভেল ১দশম শ্ৰেণী বা আইটিআই পাছ
বেতনজনোৱা হোৱা নাই
আবেদন পদ্ধতিঅনলাইন
আবেদনৰ শেষ দিন১৭.১২.২০২১


Central Railway Recruitment 2021: শিক্ষাগত অৰ্হতা

লেভেল ২ : প্ৰাৰ্থীসকল দশম বা তাৰ সমপৰ্যায়ৰ পৰীক্ষাত মুঠ ৫০ শতাংশৰ অধিক নম্বৰ লৈ উত্তীৰ্ণ হ’ব লাগিব। SC/ST/প্ৰাক্তন সৈনিকৰ ক্ষেত্ৰত ৫০ শতাংশ নম্বৰৰ ওপৰত গুৰুত্ব দিয়া নহ’ব। ইয়াৰ উপৰি মেট্ৰিকুলেচন পাছ প্লাছ ক’ৰ্চ সম্পন্ন এক্ট এপ্ৰেণ্টিছশ্বিপ বা NCVT/SCVTৰ দ্বাৰা অনুমোদিত মেট্ৰিকুলেচন আৰু আইটিআই পাছ কৰাটো বাধ্যতামূলক নহয়। প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব।

লেভেল ১ : প্ৰাৰ্থীসকল দশম শ্ৰেণী বা আইটিআই পাছ হ’ব লাগিব বা এনচিভিটিৰ দ্বাৰা প্ৰদত্ত সমপৰ্যায়ৰ এপ্ৰেণ্টিছ এক্ট অনুসৰি এপ্ৰেণ্টিছশ্বিপৰ চাৰ্টিফিকেট থাকিব লাগিব। প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ৩৩ বছৰৰ ভিতৰত হ’ব লাগিব।

Post a Comment

Previous Post Next Post