শ্বহীদ চিডিএছ জেনেৰেল বিপিন ৰাৱটৰ পৈতৃক ঘৰ উত্তৰাখণ্ডৰ এখন গাঁৱত। এই গাঁৱত এতিয়া কেৱল জেনেৰেল বিপিন ৰাৱটৰ পৰিয়াৰ একাংশ লোক থাকে। নিউজ১৮–এ আপোনাৰ বাবে লৈ আহিছে এই গাঁওখনৰ ৰাৱটৰ ঘৰ আৰু পৰিয়ালৰ কেতবোৰ ছবি। নিজৰ অৱসৰৰ পিছত উত্তৰাকণ্ডতে থাকিব বিচাৰিছিল ৰাৱটে। অৱসৰৰ পিছত তেওঁ নিজৰ গাঁওখনৰ ৰূপ সলনি কৰিব বিচাৰিছিল, কিন্তু সেই সপোন আধৰুৱা হৈ ৰ’ল জেনেৰেল ৰাৱটৰ।
পৌড়ী গঢ়ৱাল জিলাৰ সৈন নামৰ এই গাঁওখনত এসময়ত ১৫টাৰো অধিক পৰিয়ালে বাস কৰিছিল। এয়া কিছু বছৰ আগৰ কথা। ইয়াৰ পূৰ্বে ২০১১ চনৰ জনগণনা মতে গাঁওখনত প্ৰায় ৯৩জন লোকে বাস কৰিছিল, কিন্তু এতিয়া ইয়াত কেৱল জেনেৰেল বিপিন ৰাৱটৰ পৰিয়ালটোৱে আছে।
প্ৰশ্ন হয় যে এই গাঁওখনত থকা পৰিয়ালসমূহ ক’লৈ গ’ল? মৌলিক সুবিধাৰ অভাৱত এই গাঁওখনৰ পৰা পৰিয়ালসমূহ গুচি যাবলৈ বাধ্য হৈছিল। এতিয়া সৈন গাঁৱত কেৱল জেনেৰেল ৰাৱটৰ খুড়াক থাকে। কিন্তু কিয়?
জেনেৰেল ৰাৱটৰ খুড়াক ভৰত সিং ৰাৱটে কয় যে তেওঁক ২০১৮ চনত ভতিজাকে কথা দিছিল যে তেওঁ অৱসৰৰ পিছত গাঁৱৰ চিত্ৰ সলনি কৰিব। সকলো সুবিধা লৈ আহিব গাঁৱলৈ আৰু এটা ঘৰ বনাই ইয়াতেই থাকিব। ইমানেই নহয়, জেনেৰেল ৰাৱটৰ আৰু বহু আশা আছিল।ভৰত সিং ৰাৱটে কয় যে বিপিন ৰাৱটে ইয়াৰ মানুহখিনিক ঘূৰাই অনাৰ ইচ্ছা প্ৰকাশস কৰিছিল। তেওঁ কৈছিল যে গাঁৱলৈ অহা–যোৱাৰ বাবে ভাল পথ হওক, উচ্চ শিক্ষাৰ বাবে সুবিধা হওক, ইঞ্জিনিয়াৰিং কলেজ হওক, স্বাস্থ্য সেৱা উন্নত হওক যাতে মানুহে পলায়ন কৰিব নালাগে।