পোহৰলৈ আহিল CDS ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ আগমুহূৰ্তৰ ভিডিঅ’



 চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট (Chief of Defense Staff General Bipin Rawat) বুধবাৰে এক হেলিকপ্টাৰ দুৰ্ঘটনাত (helicopter crash) নিহত হয়। ৰাৱটৰ সৈতে তেওঁৰ পত্নী মধুলিকা ৰাৱট, ষ্টাফৰ দুই সদস্য আৰু আন ৯জন লোকৰো মৃত্যু হয় এই দুৰ্ঘটনাত। হেলিকপ্টাৰখন অৱতৰণ কৰাৰ আগমুহূৰ্তত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ প্ৰাকমুহূৰ্তৰ হেলিকপ্টাৰখনৰ এটা ভিডিঅ’ (CDS helicopter video) পোহৰলৈ আহিছে। ভিডিঅ’ত দেখা হৈছে যে কেনেকৈ হেলিকপ্টাৰখন কুঁৱলীৰ মাজৰ পৰা ওলাই আহিছে আৰু আকাশত দেখা গৈছে। কেইছেকেণ্ডমানৰ এই ভিডিঅ’ত স্পষ্টকৈ দেখা গৈছে যে ঘটনাস্থলীৰ বতৰ প্ৰতিকূল আছিল। এই ভিডিঅ’ত একাংশ স্থানীয় লোকক দেখা গৈছে। তেওঁলোকে হেলিকপ্টাৰৰ শব্দ শুনাত সেইফালে চাইছে। ইয়াৰ অলপ পিছতে বন্ধ হৈছিল হেলিকপ্টাৰখনৰ শব্দ। উল্লেখযোগ্য যে পাহাৰীয়া অঞ্চলত বতৰ যিকোনো সময়ত সলনি হ’ব পাৰে। অৱশ্যে হেলিকপ্টাৰ উৰণৰ সময়ত সকলো পেৰামিটাৰ্ছ পৰীক্ষা কৰা হয়।


ভাৰতীয় বায়ু সেনাৰ MI17 হেলিকপ্টাৰ এখন দুৰ্ঘটনাগ্ৰস্ত (Army Helicopter Crashed in Tamilnadu) হোৱাত জেনেৰেল বিপিন ৰাৱটকে ধৰি ১১ জন সেনাৰ মৃত্যু হয়। এওলোকৰ ভিকৰত আছিল বিপিন ৰাৱটৰ প্ৰতিৰক্ষা সহকাৰী ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং, উইং কমাণ্ডাৰ পৃথ্বি সিং চৌহান, স্কোৱাড্ৰন  লীডাৰ ক সিং, JWO দাস,  JWO প্ৰদীপ এ, নায়ক গুৰসেৱক সিং, নায়ক জিতেন্দ্ৰ কুমাৰ, লেন্স নায়ক বিবেক কুমাৰ, লেন্স নায়ক বি ছাই তেজা, হাবিলদাৰ সতপাল ৰায়ৰো মৃত্যু হয়।

Post a Comment

Previous Post Next Post