অমৰ হওক! দেশজুৰি গুঞ্জৰিত এটাই শব্দ, জেনেৰেল বিপিন ৰাৱট আৰু ১১ শ্বহীদক সুঁৱৰি শোকস্তব্ধ দেশ

 


অভিশপ্ত বুধবাৰে নীলগিৰিৰ অৰণ্যত দেশৰ প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱট (Chief of Defense Staff Bipin Rawat)ৰ লগতে ১১ জন সেনা শ্বহীদ আৰু বিপিন ৰাৱটৰ পত্নী মধুলিকা ৰাৱটৰ কৰুণ মৃত্যুৰ পিছতে শকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ। আজি তেওঁলোকৰ নশ্বৰ দেহ অনা হ'ব নতুন দিল্লীলৈ। দিল্লীত অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আটাইকেইজনকে।


উল্লেখ্য যে ভাৰতীয় বায়ু সেনাৰ MI17 হেলিকপ্টাৰ এখন দুৰ্ঘটনাগ্ৰস্ত (Army Helicopter Crashed in Tamilnadu) হোৱাত জেনেৰেল বিপিন ৰাৱটকে ধৰি ১১ জন সেনাৰ মৃত্যু হয়। এওলোকৰ ভিকৰত আছিল বিপিন ৰাৱটৰ প্ৰতিৰক্ষা সহকাৰী ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং, উইং কমাণ্ডাৰ পৃথ্বি সিং চৌহান, স্কোৱাড্ৰন  লীডাৰ ক সিং, JWO দাস,  JWO প্ৰদীপ এ, নায়ক গুৰসেৱক সিং, নায়ক জিতেন্দ্ৰ কুমাৰ, লেন্স নায়ক বিবেক কুমাৰ, লেন্স নায়ক বি ছাই তেজা, হাবিলদাৰ সতপাল ৰায়ৰো মৃত্যু হয়। আজি সমগ্ৰ দেশ বাসীৰ এটাই আকাংক্ষা এওলোক অমৰ হওক।

উল্লেখ্য যে বিপিন ৰাৱটে ১ জানুৱাৰী ২০২০ত দেশৰ তিনিটা প্ৰতিৰক্ষা বিভাগ নৌ-স্থল-বায়ু সেনাৰ মুৰব্বী ৰূপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেঞ্চ ষ্টাফ (CDS) আছিল আৰু এই পদত থাকিয়েই শ্বহীদ হয়।

Post a Comment

Previous Post Next Post