কেটৰিণা কেঈফ আৰু বিকি কৌশলৰ বিয়া! কিন্তু এনেসময়ত কেটৰিণা আৰু বিকিতকৈ চৰ্চিত হৈছে ছলমান খান। ৯ ডিচেম্বৰত ৰাজস্থানৰ ৰাজকীয় ছিক্স ছেন্সেচ দুৰ্গত বিয়া হ’ব বলীউদৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কেটৰিণা কেঈফ আৰু অভিনেতা বিকি কৌশলৰ। এই বিয়াখনত অতিথিৰূপে উপস্থিত থাকিব মাত্ৰ ১২০ গৰাকী লোক।
বিয়াৰ ফটো তোলা আৰু ভডিঅ’ কৰাটো নিষেধাজ্ঞা (No Mobile and Camera in Katrina-Vicky MArriage) জাৰি কৰা হৈছে বুলি বাতৰি ওলাইছে। ইমানেই নহ,য় জানিব পৰা মতে, এই বহু চৰ্চিত বিয়াখনত মোবাইল ফোন আৰু কেমেৰা আদিও নিষিদ্ধ কৰা হৈছে বুলি খবৰ ভাইৰেল হৈছে। কিন্তু ইয়াৰ মাজতে খবৰ ওলাইছে যে, কেটৰিণা আৰু বিকিৰ বিয়াখনৰ ফটো আৰু ভিডিঅ’ কৰাৰ বাবে এটা প্ৰতিষ্ঠানে হেনো ১০০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছে।
ছলমান খান, ৰণবীৰ কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক অৱসান ঘটাই অৱশেষত বিকি কৌশলৰ সৈতে সাংসাৰিক জীৱন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে কেটৰিণাই। কিন্তু আজিও অনুৰাগীয়ে পাহৰিব পৰা নাই কেটৰিণা আৰু ছলমানৰ অফস্ক্ৰীণ কেমিষ্ট্ৰী। কোৱা মতে, কেটৰিণাক গভীৰ ভাবে ভালপাইছিল ছলমান খানে। নিজ হাতেৰে কেটৰিণাক বলীউদৰ আদব-কায়দা, নিময়-নীতি, কামৰ ফৰ্মূলা শিকাইছিল ছলমান খানে।
কেটৰিণাৰ এগৰাকী ঘনিষ্ঠ বন্ধুৱে জনোৱা মতে, কেটৰিণাই ওটিত ৰণবীৰ কাপুৰৰ সৈতে অজৱ প্ৰেম কী গজৱ কাহিনীৰ শ্বুটিং কৰিছিল। শ্বট দিয়াৰ সময়তে কেটৰিণা আৰু ৰণবীৰৰ মাজত কিছু আত্মীয়তা বাঢ়িবলৈ লয়। ৰণবীৰৰ সৈতে কথা বতৰা চলাৰ কিছুদিন পিছতে ছলমান খানৰ সৈতে ব্ৰেকআপৰ সিদ্ধান্ত লয় কেটৰিণা কেঈফে। আৰু মাত্ৰ এটা মেছেজ কৰিয়েই ছল্লু মিঞাৰ সৈতে সম্পৰ্ক শেষ কৰে কেটৰিণাই।

Tags:
Entertainment