কোকৰাঝাৰত টীকা কেন্দ্ৰত ছয়মহীয়া শিশুক একেদিনাই দিলে তিনিটা বেজী আৰু পলিঅ'ৰ পালি


 

কোকৰাঝাৰ  চহৰৰ হাদানপাৰাত  সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ টীকাকৰণ (Vaccination) কৰাবলৈ নিয়াৰ পিছতে এটি ছয়মহীয়া কণমানিৰ মৃত্যুৰ (Baby Died) বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই চাঞ্চল্যকৰ ঘটনাত কৰুণ মৃত্যুক সাৱটি ল'লে হিয়া ব্ৰহ্ম নামৰ নিস্পাপ কেঁচুৱাটোৱে। কণমানি হিয়াৰ পিতৃ-মাতৃয়ে আজি সংবাদ মাধ্যমক জানিব দিয়া মতে বুধবাৰে হাদানপাৰাৰ এ পি স্কুলৰ টীকা কেন্দ্ৰত হিয়াক প্ৰদান কৰা হৈছিল টীকা ৷ টীকা দিয়াবলৈ নিওতে তিনিটা বেজী দিছিল বুলি জানিব দিয়ে হিয়াৰ পিতৃয়ে।


তিনিটা বেজী দিয়াৰ লগতে কণমানি হিয়াক পলিঅ'ৰ (Polio) দুটা পালিও দিয়া হৈছিল বুলি জনায় হিয়াৰ পিতৃয়ে। কিন্তু আজি শিশুটিৰ অৱস্থা হঠাৎ অৱনতি ঘটাত কোকৰাঝাৰ (Kokrajhar) চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ ততাতৈয়াকৈ নিয়া হয় যদিও চিকিৎসকে শিশুটিক মৃত (Baby Death) বুলি ঘোষণা কৰে৷ 

শিশুটিৰ পিতৃ-মাতৃয়ে ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ (FIR) দাখিল কৰিছে৷ উল্লেখ্য যে কোকৰাঝাৰ চহৰৰ আঠ নম্বৰ ৱাৰ্ড জামফৈ বাৰনাইৰ বাসিন্দা জাখাংগৌৰা ব্ৰহ্ম আৰু জুলি ব্ৰহ্মৰ কন্যা আছিল হিয়া৷

Post a Comment

Previous Post Next Post