শিক্ষাৰ গুণগত মান উন্নীতকৰণৰ বাবে আগন্তুক ২০২২ বৰ্ষত ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ বিভিন্ন দিশ পর্যালোচনা কৰাৰ বাবে দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) জনতা ভৱনত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷ ড° শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠক দুটা পৰ্যায়ত গুণোৎসৱ আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয় ।
২০২২ চনৰ ৫, ৬ আৰু ৭ এপ্রিলত প্রথম পর্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব ৷ দ্বিতীয় পৰ্যায়ত ২০, ২১ আৰু ২২ এপ্রিলত গুণোৎসৱ অনুষ্ঠিত হ'ব। ইয়াৰ জৰিয়তে প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ ৰাজ্যখনৰ ৪২,৫১,৫২৪ গৰাকী ছাত্র-ছাত্রীক সামৰি লোৱা হ'ব। ৰাজ্যখনৰ চৰকাৰী, প্ৰাদেশীকৃত আৰু চাহ বাগিচা ব্যৱস্থাপনাৰে সামৰি লোৱা ৪৬,২৫১ খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হ'ব ।
বৈঠকত মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ গুণগত মান অধিক উন্নতকৰণৰ বাবে গুণোৎসৱ সফলভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছাত্র-ছাত্ৰীসকলে অর্জন কৰা জ্ঞানৰ সঠিক মূল্যায়নৰ বাবে পৰীক্ষা আৰু মূল্যাংকন পদ্ধতি অধিক শক্তিশালী কৰাৰ বাবে শিক্ষা বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকলে গুণোৎসৱৰ বাবে বিভাগে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰাজীৰ সম্পর্কত মুখ্যমন্ত্ৰীক অবগত কৰে।
দেওবাৰৰ এই বৈঠকত শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্ত, শিক্ষা বিভাগৰ প্ৰধান সচিবৰ লগতে বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে ।
দেওবাৰৰ এই বৈঠকত শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্ত, শিক্ষা বিভাগৰ প্ৰধান সচিবৰ লগতে বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে ।