দেশৰ সৰ্ববৃহৎ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ'ই (Reliance Jio) প্ৰতি ছেকেণ্ডত ২৪.১ মেগাবিট (mbps) ডাউনলোড গতিৰে নৱেম্বৰত ৪-জি সেৱা প্ৰদানকাৰীসকলৰ ভিতৰত শীৰ্ষ স্থান পুনৰ লাভ কৰিছে।
ভাৰতীয় টেলিকম নিয়ামক প্ৰাধিকৰণে (TRAI) প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, ৪-জি ডাউনলোড গতিৰ ক্ষেত্ৰত জিঅ' নৱেম্বৰত প্ৰথম স্থানত আছিল। ইয়াৰ পিছত আছিল ভোডাফোন আইডিয়া লিমিটেড (VIL) আৰু ভাৰতী এয়াৰটেল (Bharti Airtel)। অৱশ্যে, নৱেম্বৰত এই দুটা কোম্পানীৰো ডাউনলোড গতি উন্নত হৈছে।
নৱেম্বৰত জিঅ' নেটৱৰ্কৰ গড় ৪-জি ডাটা ডাউনলোড গতি প্ৰায় ১০ শতাংশ বৃদ্ধি পাইছে, আনহাতে VILৰ গতি ৮.৯ শতাংশ আৰু এয়াৰটেলৰ গতি ৫.৩ শতাংশ বৃদ্ধি পাইছে। অক্টোবৰত ৪-জি ডাটা আপলোডৰ ক্ষেত্ৰত ভোডাফোন আইডিয়া তালিকাৰ শীৰ্ষত আছিল। ইয়াৰ নেটৱৰ্কে ৮ এমবিপিএছ আপলোড গতি ৰেকৰ্ড কৰিছে, যি যোৱা পাঁচ মাহত সৰ্বাধিক।
উল্লেখ্য, ভাল ডাউনলোড স্পীডে গ্ৰাহকসকলৰ বাবে ইণ্টাৰনেটত উপলব্ধ সমল প্ৰাপ্ত কৰাটো সহজতৰ কৰে, আনহাতে উন্নত আপলোড গতিয়ে দ্ৰুতগতিত ডাটা বা ফটো প্ৰেৰণ কৰিবলৈ সক্ষম কৰে।
পাঁচ মাহত এয়াৰটেলৰ সৰ্বশ্ৰেষ্ঠ আপলোড গতি আছিল নৱেম্বৰত এমবিপিএছ ৫.৬, আনহাতে জিঅ'ই ৭.১ এমবিপিএছ গতি ৰেকৰ্ড কৰিছিল।

Tags:
National