হিন্দুত্ববাদীৰ প্ৰসংগ টানি আনি প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে, 'আচলতে ক্ষমতা দখলৰ বাবে হিন্দুত্ববাদৰ প্ৰচাৰ কৰে তেওঁলোকে। মই কৈছো, আমিও হিন্দু। আমাৰ সমুখত বহি থকা সকলো হিন্দু। কিন্তু তেওঁলোক হিন্দুত্ববাদী।'
সত্যাগ্ৰহ শব্দ টানি আনি বিজেপিক আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে। ক'লে- এদল মানুহ আছে যি সত্যাগ্ৰহত বিশ্বাসী। আৰু এদল লোক আছে, যি 'সত্ত্বা-গ্ৰহ'ত বিশ্বাসী। সেইসকলৰ ক্ষমতাৰ প্ৰতি আগ্ৰহ বেছি। মহাত্মা গান্ধীৰ প্ৰসংগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে লগতে ক'লে- 'মহাত্মা গান্ধীয়ে সত্যৰ সন্ধান কৰিছিল। সেই সত্যই আছিল সত্যাগ্ৰহৰ যাত্ৰা। নাথুৰাম গডছেই তেওঁক গুলীয়াই মাৰিলে। নাথুৰাম আছিল হিন্দুত্ববাদী। তেওঁ 'সত্ত্বা-গ্ৰহ'ত বিশ্বাসী। হিন্দুত্ববাদীয়ে কেৱল ক্ষমতাৰ পিছত দৌৰে।'
ইয়াৰ পিছত হিন্দুত্বৰ এক নতুন ভাৱনাও প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে। তেওঁ প্ৰশ্ন কৰে যে, 'কোন হিন্দু? যি মানুহে অন্য সকলো ধৰ্মক সমৰ্থন কৰে বা অন্য কাকো ভয় নেদেখুৱাই সেইসকলেই হিন্দু। যিসকল ক্ষমতাত আছে, তেওঁলোকে এক মিছা হিন্দুত্বৰ কথা কৈছে।'
পিছে ৰাহুল গান্ধীৰ মুখত কিয় এইবাৰ শুনা গটল হিন্দুৰ প্ৰসংগ। সন্মুখত আছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন। উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ধৰ্মীয় মেৰুকৰণে বিশেষ ভুমিকা পালন কৰিব পাৰে। এই কথা সাধাৰণ লোকেও জানে। সেই কাৰণেই কি, হিন্দুত্বৰ এই নতুন নেৰেটিভ তৈয়াৰ কৰিছে ৰাহুলে। কাৰণ শেষ পৰ্যন্ত উত্তৰ প্ৰদেশ দখল কৰিব পাৰিলেই ভৱিষ্যতে লোকসভা নিৰ্বাচনত বিজেপিৰ সমুখত কঠিক প্ৰত্যাহ্বান জনাব পাৰিব কংগ্ৰেছে।