বিতৰ্কিত মন্তব্যৰ জৰিয়তে সংবাদ শিৰোনামত থকা হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাৰিয়াই পুনৰ সাম্প্ৰদায়িক মন্তব্যৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰপ্ৰদেশৰ ৰছুলাবাদ গেষ্ট হাউছত এক সভাত অংশগ্ৰহণ কৰি প্ৰবীণ টোগাৰিয়াই ক'লে, "বৰ্তমানৰ চৰকাৰৰ লক্ষ্য সবকা সাথ সবকা বিকাশ। কিন্তু আমাৰ লক্ষ্য কেৱল হিন্দু কা সাথ হিন্দু কা বিকাশ।"
হিন্দুত্ববাদী নেতাগৰাকীয়ে লগতে বৰ্তমানৰ চৰকাৰখনৰ জনসংখ্যা নীতিকো সমালোচনা কৰি কয়, "হিন্দু সকলে চৰকাৰৰ হম দো হামাৰী দো নীতি এৰাই চলিব লাগে। হিন্দুসকলে এই নীতি মানি চলাৰ বাবেই বৰ্তমান বিশ্বত আমি দুৰ্বল হৈ পৰিছো। ইয়াৰ বিপৰীতে তালিবানী বিচাৰধাৰাত বিশ্বাসীসকলৰ জনসংখ্যা দিনক।দিনে বাঢ়ি গৈ আছে।"
আনহাতে ১০হাজাৰ হিন্দুলোকক বিনামূলীয়া চিকিৎসাপ্ৰদানৰ বাবে প্ৰতিদিনেই হেল্পলাইন সাজু হৈ থকাৰ কথা প্ৰকাশ কৰি টোগাৰিয়াই কয়, হিন্দু দুখীয়া লোকক সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা প্ৰদান কৰিবৰ বাবে আমাৰ চিকিৎসক সাঁজু। ইপিনে কাশ্মীৰৰ লোকক তালিবানী মানসিকতাৰ বুলি কৈ টোগাৰিয়াই কয়, কাশ্মিৰীসকলৰ তালিবানী মানসিকতাৰ বাবেই আমাৰ সেনা জোৱানলৈ শিলগুটি দলিয়ায়। টোগাৰিয়াই লগতে কাবুল, কৰাচীৰ পৰা লাহোৰলৈকে সমগ্ৰ অঞ্চল অখণ্ড ভাৰতৰ অংশ বুলিও দাবী কৰে।