দেশৰ সেনাপ্ৰধান বিপিন ৰাৱাটৰ সৈতে হেলিকপ্টাৰ দূৰ্ঘটনাত নিহত হোৱা উইং কামাণ্ডাৰ পৃথ্বিৰাজ সিং চৌহানৰ উত্তৰপ্ৰদেশৰ আগ্ৰাস্থিত বাসভৱনত শুকুৰবাৰে বিয়লি উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বহীদ পৃথ্বিৰাজ সিং চৌহানৰ শোকসন্তপ্ত পৰিয়ালৰ খবৰ লোৱাৰ লগতে উত্তৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা ৫০লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে।
পৰিয়ালৰ এগৰাকী সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে শীঘ্ৰেই উত্তৰপ্ৰদেশত পৃথ্বিৰাজ সিং চৌহানৰ নামত এখন শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰাৰ কথাও ঘোষণা কৰে।
উল্লেখযোগ্য যে, নতুন দিল্লীত ভাৰতীয় সেনা প্ৰধান প্ৰয়াত বিপিন ৰাৱাটক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আগ্ৰাৰ চৰণ নগৰ স্থিত পৃথ্বিৰাজ সিং চৌহানৰ পৰিয়ালক সাক্ষাৎ কৰে।