মুম্বাইত অ'মিক্ৰণে ক্ৰমাত্‍ লৈছে ভয়ংকৰ ৰূপ! দুদিনৰ বাবে ১৪৪ ধাৰা বলৱত্‍



কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ(Omicron)ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ দুদিনৰ বাবে মুম্বাইত ১৪৪ ধাৰা বলৱত্‍ কৰা হৈছে। চহৰখনত ১১ আৰু ১২ ডিচেম্বৰত ১৪৪ ধাৰা বলৱত্‍ কৰা হৈছে।


ভাৰতবৰ্ষত এই পৰ্যন্ত ৩২ জন লোকৰ দেহত ধৰা পৰিল কোৰোণাৰ অ'মিক্ৰণ(Omicron) ভেৰিয়েণ্টৰ সংক্ৰমণ। সৰ্বাধিক ধৰা পৰিছে মহাৰাষ্ট্ৰত। ৰাজস্থানত আক্ৰান্ত হৈছে ৯ জন লোক। সেইদৰে গুজৰাট, কৰ্ণাটক আৰু দিল্লীত আক্ৰান্তৰ সংখ্যা ক্ৰমে, ৩,২,১।

উল্লেখ্য যে, মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত কোৰোণা ভাইৰাছত নতুনকৈ আক্ৰান্ত হোৱা ৬৯৫টা কেচ পোহৰলৈ আহিছে। ইয়াতে অমিক্ৰণত আক্ৰান্ত হোৱা ৭ জন লোক আছে। বিশ্ব স্বাস্থ্য সংস্থাই কোৰোণাৰ এই নতুন ভেৰিয়েণ্টক 'ভেৰিয়েণ্ট অব কঞ্চাৰ্ণ' বুলি মন্তব্য কৰিছে।

Post a Comment

Previous Post Next Post