শোকাৱহ পথ দুৰ্ঘটনা! দলং ভাঙি নৈত পৰিল বাছ! চালকসহ নিহত ৯


 

অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। ভাৰসাম্য হেৰুওৱাৰ বাবে গোদাবৰী জিলাৰ (Godavari District) জাংগাৰেড্ডীগুডেমত এখন বাছ নৈত পৰি যোৱাত চালকসহ ৯গৰাকী লোকৰ মৃত্যু হয়। বাছত থকা আন ২২গৰাকী যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত আহত যাত্ৰীসকলক জাংগাৰেড্ডীগুডেমৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।


ৰাজ্য প্ৰশাসনৰ পৰা ব্যক্ত কৰা তথ্য অনুসৰি, দুৰ্ঘটনাটো দুপৰীয়া প্ৰায় ১২.৩০ বজাত সংঘটিত হয়। বাছখনত ৪৫গৰাকী যাত্ৰী আৰু দুজন কৰ্মচাৰী আছিল। বাছখন চুবুৰীয়া তেলেংগানাৰ আশ্বৰাপেটৰ পৰা জাংগাৰেড্ডীগুডেমলৈ গৈ আছিল। বাছচালকজনে জালেৰু নদীৰ ওপৰত থকা দলঙৰ বিপৰীত দিশৰ পৰা অহা এখন গাড়ীৰ বাবে পথ সলনি কৰিবলৈ চেষ্টা কৰাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংখনৰ ৰেলিঙত খুন্দা মাৰি নদীত পৰে (Bus Accident in Andhra Pradesh)।


এতিয়ালৈকে পাঁচগৰাকী মহিলা যাত্ৰী আৰু চালক আপ্পা ৰাওকে ধৰি ৯টা মৃতদেহ উদ্ধাৰ কৰিছে। ইফালে, ৰাজ্য চৰকাৰে প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ৫ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। পৰিবহণ মন্ত্ৰী পি ভেংকটাৰামাইয়াই আহতসকলৰ চিকিৎসাৰ ব্যয় চৰকাৰে বহন কৰিব বুলি উল্লেখ কৰিছে। আনহাতে ৰাজ্যপাল বি বি হৰিচন্দন আৰু মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে (Chief Minister YS Jagan Mohan Reddy) বাছ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে।

Post a Comment

Previous Post Next Post