Bank Strike News: বৃহস্পতি আৰু শুকুৰবাৰে বন্ধ থাকিব বেংক। দুয়োটা দিনতে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বেংকৰ কৰ্মচাৰীসকলে। ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা বাকী বেংকসমূহলৈ প্ৰতিবাদ প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনোৱা হৈছিল যদিও কৰ্মচাৰী ইউনিয়ন নিজৰ স্থিতিত অটল আছে। কৰ্মচৰীসকলে বেংক ব্যক্তিগতকৰণৰ বিৰোধিতাৰে প্ৰতিবাদত বহিব।
ষ্টেট বেংক অব ইণ্ডিয়াই নিজৰ টুইটাৰ হেণ্ডলৰ জৰিয়তে নিজৰ কৰ্মচাৰীসকলক প্ৰতিবাদৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল। বেংকৰ ফালৰ পৰা কোৱা হৈছিল যে, কোৰোণা মহামাৰীৰ বাবে কৰ্মচাৰীৰ এই ষ্ট্ৰাইকে ষ্টোকহোল্ডাৰক বিপদত পেলাব। গতিকে কৰ্মচাৰীসকলে আলোচনাত ভাগ লব লাগে।
বিভিন্ন মিডিয়া ৰিপৰ্টচ অনুসৰি জানিব পৰা গৈছে যে, বেংকৰ প্ৰৱন্ধক একেৰাহে বেংক এচচিয়েশ্যন আৰু বেংক ইউনিয়নৰ সৈতে সম্পৰ্কত আছে। তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই আহিছে। বিগত সাধাৰণ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দুটা চৰকাৰী বেংক ব্যক্তিগতকৰণ কৰাৰ ইংগিত দিছিল। সোমবাৰে বিত্তমন্ত্ৰীয়ে লোকসভাত ব্যক্তিগতকৰণৰ সন্দৰ্ভত গঠন কৰা কেবিনেট কমিটীৰ সন্দৰ্ভত কয় যে, দুটা বেংকৰ ব্যক্তিগতকৰণ হব। কিন্তু ইয়াৰ ওপৰত এই পৰ্যন্ত সিদ্ধান্ত হোৱা নাই।