পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি! জানক আজি আপোনাৰ চহৰত কিমান দাম



 আইঅ’চিএলে (IOCL) বুধবাৰে পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰিছে। পেট্ৰ’ল–ডিজেলৰ দাম (Petrol-Diesel price today) বিগত কিছুদিন ধৰি স্থিৰ হৈ আছে। চৰকাৰী তেল কোম্পানীয়ে আজিও পেট্ৰ’ল–ডিজেলৰ দামৰ কোনো সালসলনি কৰা নাই। IOCLৰ ৱেবছাইটৰ মতে, আজি দিল্লীত পেট্ৰ’লৰ দাম (Petrol Price) ৯৫.৪১ টকা প্ৰতিলিটাৰ। আনহাতে, ডিজেলৰ দাম ৮৬.৬৭ টকা প্ৰতিলিটাৰত বিক্ৰী হৈছে।


উল্লেখযোগ্য যে প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ দাম সলনি হয়। পুৱা ৬ বজাৰ পৰা নতুন দাম কাৰ্যকৰী হয়। পেট্ৰ’ল আৰু ডিজেলৰ দামত এক্সাইজ ডিউটি, ডিলাৰ কমিচন আৰু আন কৰক সংযোগ কৰাৰ পিছত ইয়াৰ দাম প্ৰায় দুগুণ হয়গৈ।


চাওক আজি কোন চহৰত কিমান দাম পেট্ৰ’ল–ডিজেলৰ

– দিল্লীত পেট্ৰ’ল ৯৫.৪১ টকা আৰু ডিজেল ৮৬.৬৭ টকা প্ৰতিলিটাৰ।

– মুম্বাই পেট্ৰ’ল ১০১৯.৯৮ টকা আৰু ডিজেল ৯৪.১৪ টকা প্ৰতিলিটাৰ।

– চেন্নাইত পেট্ৰ’ল ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা প্ৰতিলিটাৰ।

– কলকাতাত পেট্ৰ’ল ১০৪.৬৭ টকা আৰু ডিজেল ৮৯.৭৯ টকা প্ৰতিলিটাৰ।

– লক্ষ্ণৌত পেট্ৰ’ল ৯৫.২৮ টকা আৰু ডিজেল ৮৬.৮০ টকা প্ৰতিলিটাৰ।

– গুৱাহাটীত পেট্ৰ’ল ৯৪.৭৪ টকা আৰু ডিজেল ৮১.৪১ টকা প্ৰতিলিটাৰ।

Post a Comment

Previous Post Next Post