অৱশেষত গ্ৰুপ কেপ্টেইন বৰুণ সিঙে ও মৃত্যুৰ ওচৰত হাৰ মানিলে। আজি কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিলে বীৰ সৈনিকগৰাকীয়ে। ৮ ডিচেম্বৰত তামিলনাডুত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত একমাত্ৰ জীৱীত ব্যক্তি আছিল কেপ্টেইন বৰুণ সিং।
উল্লেখ্য যে প্ৰতিৰজ্ঞা মুৰব্বী বিপিন ৰাৱট ৰ হেলিকপ্টাৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ১৩ জন লোক। সেই দুৰ্ঘটনাত একমাত্ৰ প্ৰণৰক্ষা পৰিছিল বৰুণ সিঙৰ। এই দুৰ্ঘটনাত প্ৰতিৰক্ষা মুৰব্বী ববিপিন ৰাৱটৰ লগতে তেওঁৰ পত্নী আৰু ১১গৰাকী বায়ুসেনাৰ সৈনিকৰ মৃত্যু হৈছিল।
৮ ডিচেম্বৰত ভাৰতীয় বায়ুসেনাৰ Mi17 হেলিকপ্টাৰ এখনেৰে তামিলনাডুৰ ৱেলিংটনত থকা ডিফেন্স ষ্টাফ কলেজত এক অনুষ্ঠানত ভাগ ল'বলৈ গৈ থাকোতেই কুন্নুৰৰ ওচৰত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছিল। হেলিকপ্টাৰখনত মুঠ ১৪গৰাকী লোক আছিল। চিডিএছ বিপিন ৰাৱট, পত্নী মধুলিকা ৰৱট, ব্ৰিগেডিয়াৰ লখৱিন্দৰ সিং লিড্ডাৰ আৰু পাইলট পৃথ্বী সিং চৌহানকে ধৰি লগে লগে ১৩ জনৰ মৃত্যু হৈছিল।
গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সেনা প্ৰধান এমএম নাৰাৱণেই।
এই দুৰ্ঘটনাত একমাত্ৰ জীৱীত থকা গ্ৰুপ কেপ্টেইন বৰুণ সিং সকটজনক অৱস্থাত বেংগালুৰুৰ সামৰিক বাহিনীৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

Tags:
National