Amazonক লৈ CAITৰ অভিযোগ- এমাজনে ভুল পদ্ধতিৰে দেশখনত ধাৰাবাহিকভাৱে ব্যৱসায় চলাই নিছে

 


কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (CAIT) এমাজনৰ "মাই ৱে অৰ হাইৱে" (My Way or High Way) মনোভাৱৰ তীব্ৰ সমালোচনা কৰিছে। CAIT-এ অভিযোগ কৰিছে যে এমাজনে (Amazon) সকলোবোৰ নিজৰ ধৰণে কৰিব বিচাৰে আৰু স্থানীয় ব্যৱসায়ীসকলৰ বিষয়ে কোনো চিন্তা কৰাৰ প্ৰয়োজনবোধ নকৰে। কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে ধাৰাবাহিকভাৱে কৈ আহিছে যে ২০১৬ চনৰ পৰা এমাজনে ভুল পদ্ধতিৰ মাজেৰে দেশখনত ধাৰাবাহিকভাৱে ব্যৱসায় চলাই নিছে।


শেহতীয়াকৈ, এমাজনে সংবাদ মাধ্যমত দাবী কৰিছিল যে এবাৰ অনুমতি দিয়াৰ পিছত, কম্পিটিচন কমিছন অৱ ইণ্ডিয়া (CCI)ৰ ক্ষমতা কাঢ়ি নিয়াৰ অধিকাৰ নাই। ২০১৯ চনত কম্পিটিচন কমিছন অৱ ইণ্ডিয়াই ফিউচাৰ কুপন প্ৰাইভেড লিমিটেড সংস্থাত ২০০ নিযুত আমেৰিকান ডলাৰ বিনিয়োগ কৰিবলৈ অনুমতি দিছিল। এমাজনে এটা সংবাদ সংস্থাক বিষয়টোৰ বিষয়ে কৈছিল যে এটা চুক্তি বাতিল কৰাটো এক অতি কঠিন আইন। বিশেষ ক্ষমতা প্ৰদান নকৰিলে কম্পিটিচন কমিছন অৱ ইণ্ডিয়াই সেই অনুমতি প্ৰত্যাহাৰ কৰাটো সম্ভৱ নহয়।

এই প্ৰসংগত CAIT-এ কয়, "যদি এমাজনে অনুভৱ কৰে যে CCIৰ আঁতৰাবলৈ ক্ষমতা নাই, তেন্তে তেওঁ CCIৰ বিভিন্ন শুনানিত কিয় উপস্থিত আছিল তেওঁলোক? তেওঁলোকে ইতিমধ্যে CCIক সুধিব লাগিছিল যে ইয়াৰ তেনে কোনো শক্তি নাই। আশ্চৰ্যজনকভাৱে, উচ্চতম ন্যায়ালয়ত শেহতীয়া শুনানিৰ সময়তো তেওঁ তেনে কোনো যুক্তি দিয়া নাছিল এমাজনে।'' দৰাচলতে, এই গোচৰটো CCIৰ পৰা মুকলি কৰাৰ এটা ইচ্ছাকৃত পদক্ষেপ।

CAIT-এ বিবৃতিটোত স্পষ্টকৈ উল্লেখ কৰে যে এমাজনে ২০১৯ চনত CCIক একাধিক প্ৰমাণ দেখুৱাই অনুমতি লাভ কৰিছিল, যিবোৰ ভুৱা আছিল। কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে এই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত এটা ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমাও দাখিল কৰিছিল। এই গোচৰটোৰো দ্ৰুত সমাধান কৰিবলৈ কোৱা হৈছিল।

এমাজনে কি কৈছে?

উল্লেখ্য, ফিউচাৰ-ৰিলায়েন্স চুক্তিক লৈ এমাজন আৰু ফিউচাৰ গোটে আইনী যুঁজ দিয়াৰ এবছৰৰো অধিক সময় হ'ল। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ই-কমাৰ্চ কোম্পানী এমাজনে কৈছে যে যদি এই চুক্তিটো আগবঢ়াই নিয়া হয়, ই বিদেশী বিনিয়োগকাৰীসকললৈ এক নেতিবাচক বাৰ্তা প্ৰেৰণ কৰিব আৰু ঘৰুৱা খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠান ৰিলায়েন্সক বজাৰৰ প্ৰতিযোগিতা অধিক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।

'এমাজনে লুকুৱাইছে বহু সত্য'
দৰাচলতে, কম্পিটিচন কমিছন অৱ ইণ্ডিয়াই (CCI) বিষয়টো পৰ্যালোচনা কৰি আছে। ই ২০১৯ চনত ফিউচাৰ গ্ৰুপ ইউনিটত এমাজনৰ ২০০ নিযুত ডলাৰ (প্ৰায় ১৫০০ কোটি টকা) বিনিয়োগৰ কথা বিবেচনা কৰি আছে। এমাজনে এই বিনিয়োগৰ বাবে অনুমতি লোৱাৰ সময়ত বহুতো তথ্য লুকুৱাই ৰাখিছিল বুলি কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে। এই সন্দৰ্ভত, এমাজনে CCIক ইয়াৰ উত্তৰ দাখিল কৰিছে, যাৰ ওপৰত আধাৰ কৰি ৰয়টাৰে বাতৰিও প্ৰকাশ কৰিছে।

আনহাতে, CAIT-এ কৈছে যে যি পদ্ধতিৰে বিনিয়োগৰ অনুমতি প্ৰাপ্ত হয়, তাত আন বহু পদ্ধতি মানি চলাৰ দৰকাৰ আছে। কিছুমান প্ৰক্ৰিয়া অনুসৰণ কৰাটো জৰুৰী। কিন্তু এমাজনে অনুমতি লোৱাৰ সময়ত গোটেই প্ৰক্ৰিয়াটোকে হাস্যকৰ কৰি তুলিছে। তেওঁলোকে প্ৰয়োজনীয়খিনি দিয়া নাছিল। ইয়াৰ উপৰি CCIক বিপথে পৰিচালিত কৰিছে। সৰ্বোপৰি, CAITৰ দাবী- বিতং তথ্যই এইটো স্পষ্ট কৰিছে যে এমাজনে মিছা কৈছে।

Post a Comment

Previous Post Next Post