'ক'লাল'ৰাৰ মৃত্যুৰ কাৰণ দুৰ্ঘটনাই আছিল'-অৱশেষত স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই


 

যোৰহাটৰ ক'লা ল'ৰাক লৈ পুনৰবাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব  শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,'মই ভালদৰে কথাটো জনা নাছিলো। আৰু আৰক্ষীৰ সৈতে যোগাযোগ নাছিল। এতিয়া সাংবাদিক সোধাৰ পিছত বিষয়টোৰ খবৰ লৈছিলো। এতিয়া স্পষ্ট হৈ পৰিছে এয়া দুৰ্ঘটনাত মৃত্যু।'


আজিৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কিছু সময়ৰ পূৰ্বে কৈছিল যে, 'মই শুনিছো যে, ক'লা ল'ৰাই পলায়ন কৰিবলৈ চেষ্টা কৰাৰ বাবে আৰক্ষীয়ে দুৰ্ভাগ্যজনক ভাবে গুলী  চলাবলগীয়া হ'ল। অৱশ্যে সম্পূৰ্ণ ৰিপৰ্ট মোৰ ওচৰলৈ এতিয়ালৈকে অহা নাই।'  মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু এই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এতিয়া স্পষ্টকৈ জনালে সবিশেষ।

ইফালে বাইকৰ আৰোহীয়েও হেলমেট পিন্ধিব লাগিব বুলি নিয়ম প্ৰৱৰ্তন কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, 'দুটা হেলমেট পিন্ধিব লাগিব।
বাইক চালকৰ মৃত্যু হব দিব নোৱাৰো। ৩১ ডিচেম্বৰৰ নিশা এজনো যুৱকৰ মৃত্যু হ'ব নিদিও।
সংবাদ মাধ্যমে সহযোগিতা স্থাপন কৰক। নেতিবাচক ভাৱে নল'ব।'

Post a Comment

Previous Post Next Post