কেন্দ্ৰ আৰু ৰাজ্যক নিৰ্দেশ দিয়াৰ পিছতো অসমে গৃহীত কৰা নাই Anti Lynching Act



 অসমৰ সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ যোৰহাটত গণ প্ৰহাৰ কৰি হত্যাৰ কৰাৰ ঘটনা অসমত প্ৰথম বাৰৰ বাবেই হোৱা নাই । তেনে ঘটনাই সভ্য সমাজৰ মন মগজু জোকাৰি যায়; কিন্তু সামগ্ৰিকভাৱে বিষয়টো কিছুদিন ৰাজহুৱা মঞ্চত আলোচনা হয় আৰু পিছত আন এক তেনে ঘটনা সংঘটিত নোহোৱালৈ পাহৰণি গৰ্ভত বিলীন হয় ।


উল্লেখযোগ্য যে ২০১৮চনতে দেশৰ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি গণ প্ৰহাৰক “horrendous act of mobocracy” আখ্যা দিছিল আৰু কেন্দ্ৰ আৰু ৰাজ্যক পৃথককৈ Anti Lynching Act এখন প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিছিল । আজিকোপতি কিন্তু অসম চৰকাৰে সেই আইন প্ৰণয়ন কৰাৰ দিশত একো পদক্ষেপ গ্ৰহণ কৰা নাই । আনহাতে অনন্য নিদর্শন দেখুৱাই মণিপুৰে গণ প্ৰহাৰ প্ৰতিহত আইন প্ৰণয়ন কৰি দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে নাম লিপিবদ্ধ কৰিছে ।


মণিপুৰ বিধানসভাত গৃহীত হোৱা আইনখনে গণ প্ৰহাৰৰ পৃথক সংজ্ঞা নিৰূপণ কৰি প্ৰতিখন জিলাতে তেনে ঘটনা প্ৰতিহত কৰিবলৈ একোজন Nodal Officer নিয়োগ কৰাৰ ব্যৱস্থা কৰিছে । এই আইনৰ  এক অন্যতম বিন্দু হৈছে তেনে ঘটনা প্ৰতিহত কৰিব নোৱাৰা পুলিচ বিষয়াজনো শাস্তিৰ সন্মুখীন হ’ব । নীৰৱ দৰ্শক হৈ চাই থকা পুলিচ বিষয়া জনৰ বিৰুদ্ধে এই আইনৰ অধীনত গোচৰ ৰুজু হ’ব । দোষী সাব্যস্ত হলে তেওঁ তিনি বছৰ পর্যন্ত জেল খাটিব লাগিব আৰু ৫০০০০টকা পর্যন্ত জৰিমনা ভৰিব লাগিব । তেনে বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ প্ৰয়োজন নহ’ব কোনো অনুমতিৰ । মণিপুৰৰ আইনখনে ভুক্তভোগী বা নিহতৰ পৰিয়ালক সুৰক্ষা আৰু আর্থিক সাহায্য প্ৰদানৰ দিশটো নিয়ম নিৰ্ধাৰণ কৰি দিছে ।

মণিপুৰৰ পৰা অনুপ্ৰাণিত হৈ ৰাজস্থান আৰু পশ্চিম বংগই অনুৰূপ আইন প্ৰণয়ন কৰিছে । অৱশ্যে এতিয়ালৈ এই আইন কেইখনে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অনুমোদন লাভ কৰা নাই । গৃহ মন্ত্ৰণালয়ে আইন কেইখনৰ সাংবিধানিক বৈধতা, কেন্দ্ৰীয় আইনৰ পৰিপন্থী নেকি আদি দিশবোৰ পৰীক্ষা কৰি অনুমোদন প্ৰদান কৰাৰ পিছত ৰাষ্ট্ৰপতিয়ে মোহৰ লগাব ।

উল্লেখযোগ্য যে অসম স্থিত আইনী প্ৰতিষ্ঠান North East Legal Organizationই এজন Covid-19ত আক্রান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডঃ সেউজ সেনাপতিক গণ প্ৰহাৰ কৰাৰ ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এখন Anti Lynching Act গৃহীত কৰাৰ দাবী উত্থাপন কৰিছিল । দাবী পত্ৰখনত সংগঠনটোৱে উল্লেখ কৰা মতে – "গণ প্ৰহাৰৰ ঘটনাৰ গোচৰ সাধাৰণতে ১৮৬০চনৰ ভাৰতীয় দণ্ড বিধিৰ অধীনত ৰুজু কৰা হয় । কিন্তু এখন পৃথক আইন বা আইনী ব্যৱস্থাই এনে ঘটনা প্ৰতিহত কৰাত ৰাজ্য চৰকাৰৰ কাৰণে সহায়ক হ’ব ।"

Post a Comment

Previous Post Next Post