'পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলী চলাবলগীয়া হ'ল'


 

দুৰ্ঘটনা নে এনকাউণ্টাৰ? ক'লা ল'ৰাৰ মৃত্যুকলৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'মই শুনিছো যে, ক'লা ল'ৰাই পলায়ন কৰিবলৈ চেষ্টা কৰাৰ বাবে আৰক্ষীয়ে দুৰ্ভাগ্যজনক ভাবে গুলী  চলাবলগীয়া হ'ল। অৱশ্যে সম্পূৰ্ণ ৰিপৰ্ট মোৰ ওচৰলৈ এতিয়ালৈকে অহা নাই।'


কিন্তু আৰক্ষীয়ে জনোৱা মতে, ক'লা ল'ৰাৰ মৃত্যুৰ কাৰণ আছিল দুৰ্ঘটনা। কিন্তু মুখ্যমন্ত্ৰীৰ এই ভাষ্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে, মঙলবাৰে পুৱতিনিশা যোৰহাট কাণ্ডৰ মূল অভিযুক্ত ক'লালৰা ওৰফে নীৰজ দাসৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মঙলবাৰে পুৱতিনিশা যোৰহাট-মৰিয়নি পথৰ নপমুৱা অঞ্চলত ক'লালৰাক লগত লৈ লুকুৱাই থোৱা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল আৰক্ষীৰ এটা দল। আৰু সেইসময়তে আৰক্ষীৰ দলটোৰ গাড়ীৰ পৰা ক'লালৰাই পলাবলৈ চেষ্টা কৰে। সেই সময়তে আৰক্ষীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত ক'লালৰা গুৰুতৰভাৱে আহত হয়। পিছত গুৰুতৰ ভাৱে আহত ক'লালৰা ওৰফে নীৰজ দাসক JMCHত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও পথতে মৃত্যুক সাৱটি লয়। এই দুৰ্ঘটনাত আৰক্ষীৰ এখন গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাগৰাকী আৰক্ষীৰ লোকো আহত হৈছে ।

Post a Comment

Previous Post Next Post