বঙাইগাঁৱত নিশা পথ দুৰ্ঘটনা ৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাপৰাকাটাত তীব্ৰ বেগি টাটা মেজিক এখনে পথৰ দাতিত থকা ডিভাইডাৰত খুন্দিয়াই ৰাজপথৰ ওপৰত বাগৰি পৰাৰ ফলত থিতাতে আৰোহী এজন থিতাতে নিহত হয় ৷
নিহত লোকজন বিজনীৰ পৱন চেট্টি বুলি জানিব পৰা গৈছে ৷ এএচ ১৯ চি ৩০৫৩ নং টাটা মেজিকখন বঙাইগাঁৱৰ পৰা বিজনী অভিমুখে গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হয় ৷ ইফালে ঘটনা সংঘটিত কৰি চালকে পলায়ন কৰে ৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰি যান বাহন শাখাৰ আৰক্ষীৰ লোক উপস্থিত হৈ বাহনখনৰ লোকসকলক উদ্ধাৰ কৰে ৷