'বিশেষ শৈক্ষিক মণ্ডল হ'ব গুৱাহাটী, মাতৃভাষাক সৰ্বাধিক গুৰুত্ব দিছে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে'


 

আজি গুৱাহাটীত অনুষ্ঠিত হৈছে 'North-east Education Conclave'। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ভাষণ প্ৰসংগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, 'শিক্ষাৰ উন্নয়নৰ বাবে মুঠ GDP ৰ ৬ শতাংশ ব্যয়ৰ লক্ষ্য। ২৬০ নিযুত শিক্ষাৰ্থী আছে দেশত। ইয়াৰে ১.২৫ কোটি শিক্ষাৰ্থী আছে NEত।মাতৃভাষাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব NEPৰ। মাতৃভাষাৰ সম্ভাৱনীয়তাক সোণালী সুযোগলৈ ৰূপান্তৰিত কৰিব NEPয়ে।'


'মানৱ সম্পদ প্ৰেৰণৰ প্ৰচুৰ সম্ভাৱনা আছে অসমত। অসমত আছে ৬৪ টা ভাষা। চাহ জনগোষ্ঠীৰ মাজতে প্ৰচলিত কমেও ১০ টা ভাষা। NEP ৰ অন্যতম অংশীদাৰ হৈছে শিক্ষাৰ্থী।শিক্ষাৰ্থীৰ প্ৰয়োজন কি সেয়া জনাটো অত্যন্ত জৰুৰী। এইক্ষেত্ৰত গৱেষণা অব্যাহত ৰাখিছে বিদ্যা ভাৰতীয়ে। বিদ্যা ভাৰতীৰ বাবে প্ৰাক-প্ৰাথমিক আৰু অংগনৱাড়ী কেন্দ্ৰ সংযোজিত হৈছে LPS ত।'- এই মন্তব্য কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে।

ধৰ্মেন্দ্ৰ প্ৰধানে লগতে কয় যে, 'বিশেষ শৈক্ষিক মণ্ডল হ'ব গুৱাহাটী। শিক্ষা খণ্ডত  গুৱাহাটী বিশ্ববিদ্যালয়ে জাগৰণৰ সৃষ্টি কৰিছে। বৰঙণি আগবঢ়াইছে কটন কলেজ- কটন বিশ্ববিদ্যালয়ে। এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰে সুকীয়াকৈ আলোচনা কৰিম। NEP ত ইচ্ছানুসৰি অধ্যয়নৰ সুযোগ আছে। বিশ্ব নাগৰিক গঢ়াৰ সুযোগ আছে NEP ত।'

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,  'বিগত এটা দশকত দেশৰ শৈক্ষিক জগতৰ বাবে সৰ্বোৎকৃষ্ট উপহাৰ হৈছে NEP। অধ্যাপক কস্তুৰী নন্দনে ক্ষেত্ৰভিত্তিক অধ্যয়ণৰ জৰিয়তে প্ৰস্তুত কৰিছে NEP। ২০৩৪ ৰ ভিতৰত NEP ৰ সঠিক ৰূপায়ণৰ সময় নিৰ্ধাৰণ কৰা হৈছে।NEP ৰ সঠিক বলৱতে বিশ্বক নেতৃত্ব দিব ভাৰতে। ১৮০ টা ভাষা- উপভাষা আছে উত্তৰ-পূবত। ইয়াৰ বাবে প্ৰস্তুত কৰা হ'ব পাঠ্যক্ৰম- পাঠ্যপুথি। অসমীয়া, বড়ো,বাংলা ,হিন্দী ভাষাৰ পাঠ্যপুথি প্ৰকাশ হৈ আছে। প্ৰত্যাহ্বান থাকিলেও ৰাজ্যত বলৱৎ হ'ব নতুন শিক্ষা নীতি।'

Post a Comment

Previous Post Next Post