নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱৰ পানীদিহিঙীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীৰ খুন্দাত নিহত হৈছে এজন অসম আৰক্ষীৰ জোৱান । কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীদিহিঙীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা অচিনাক্ত গাড়ীৰ খুন্দাত নিহত হয় জোৱানজন।
আজি পুৱা প্ৰাতঃভ্ৰমণলৈ অহা লোকে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলিত কমাৰগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈ গাড়ীৰ চেপাত ক্ষত বিক্ষত হোৱা মৃতদেহটোৰ পেণ্টৰ পকেটৰ পৰা উদ্ধাৰ কৰা আইকাৰ্ডৰ পৰা নিহত লোকজন ১১ নং অসম আৰক্ষীৰ জোৱান মৃগেন তামুলী বুলি চিনাক্ত কৰে ।আনহাতে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় এশ মিটাৰ আতৰত নিহত আৰক্ষী জোৱানজনৰ AS-O5-Q-5898 নম্বৰ পালছাৰ মটৰ চাইকেলখন পথৰ কাষত ৰখাই থোৱা অৱস্থাত উদ্ধাৰ কৰে। ইতিমধ্যে কমাৰগাঁও আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে ক্ষত বিক্ষত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।