সন্মুখত কাৰ্বি স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচন। কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপি দলে। ডিফু সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেঙৰ দাবী পাহাৰৰ নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাব।
মুঠ ২৬খন আসনৰ ২৬ খনতেই বিজেপি প্ৰাৰ্থী জয় হ'ব বুলি কয় বিদ্যাছিং ইংলেঙে। কাৰ্বি আংলঙত বিৰোধীশূন্য। দুৰ্বল বিৰোধীৰ হাতত কোনো ইছ্যু নাই বুলিও কয় প্ৰবীণ নেতাগৰাকীয়ে।
শান্তি চুক্তিৰ পিছত কাৰ্বি পাহাৰত এতিয়া সম্পূৰ্ণ ৰূপে শান্তি বিৰাজ কৰিছে বুলি কয় বিদ্যাছিং ইংলেঙে। ২৪৪(এ) কাৰ্বি আংলংবাসীৰ দীৰ্ঘদিনীয়া দাবী। অটোনমাছ ষ্টেটৰ পূৰ্বে দুয়োখন পাহাৰীয়া জিলাত ইতিমধ্যে উন্নয়নমূলক কাম আৰম্ভ হৈছে বুলি NEWS18ক জনাই ডিফু সমষ্টিৰ চাৰিবাৰৰ বিধায়ক বিদ্যাছিং ইংলেঙে।