দক্ষিণ আফ্ৰিকাত ত্ৰাসৰ সৃষ্টি কৰা ক'ৰোণাৰ (Corona) নতুন প্ৰকাৰক লৈ চিন্তিত হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী (Rahul Gandhi)। ক'ৰোণা টিকাকৰণৰ হাঁৰক লৈও মোডী চৰকাৰক সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদগৰাকীয়ে। টুইটাৰত মোডী চৰকাৰক তীব্ৰ কটাক্ষ কৰি ৰাহুল গান্ধীৰ মন্তব্য, "দেশত ক'ৰোণাৰ টীকাকৰণৰ পৰিসংখ্যা অতি বেয়া। মোডী চৰকাৰে দেশৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ টীকাকৰণৰ ওপৰত গুৰুত্ব দিয়ক।"
মনকৰিবলগীয়া যে কৰোনাৰ আন এটা নতুন প্ৰকাৰ ওমাইক্ৰনৰ ৰূপত আৱিষ্কাৰ কৰা হৈছে এই সপ্তাহত, দক্ষিণ আফ্ৰিকাত। এই প্ৰকাৰটো এতিয়ালৈকে পোৱা ক'ৰোণাৰ প্ৰকাৰৰ ভিতৰত আটাইতকৈ বেছি সংক্ৰামক। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পলম নকৰাকৈ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিদেশৰ পৰা অহা যাত্ৰীসকলৰ ক্ষেত্ৰত অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আহি পৰিছে। এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।