কোৰোণাৰ নতুন ষ্টেইন ওমিক্ৰণৰ সংক্ৰমণ ভাৰতত প্ৰতিহত কৰিবলৈ স্বাস্থ্য বিভাগ তথা চৰকাৰী বিষয়াক তৎপৰ হ'বলৈ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ দিনটোত দেশৰ কোভিড পৰিস্থিতিকলৈ প্ৰায় দুঘণ্টা ধৰি প্ৰধানমন্ত্ৰীয়ে উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে বৈঠকত বহিছিল। আৰু সেই বৈঠকতে ওমিক্ৰণৰ কি ধৰণৰ প্ৰভাৱ ভাৰতৰ লগতে অন্যান্য দেশ ওপৰত পৰিব পৰে, সেইলৈ আলোচনা হয়।
এইপৰ্যন্ত দক্ষিণ আফ্ৰিকা, বোতচোয়না, হংকং, বেলজিয়ামৰ দৰে দেশত ওমিক্ৰণ ষ্টেইনৰ সংক্ৰমণ ধৰা পৰিছে। শুকুৰবাৰে ওমিক্ৰণ ষ্টেইনক উদ্বেগজনক বুলি ঘোষণা কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই। আজিৰ বৈঠকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুজাই দিছে যে, নতুন এই ভেৰিয়েণ্টক ভাৰতত প্ৰৱেশ কৰাত বাধা দিবলৈ তৎপৰ হ'ব লাগিব। লগতে আন্তৰ্জাতিক বিমান সেৱাৰ ক্ষেত্ৰত বাধা নিষেধ শিথিল কৰাৰ সিদ্ধান্তক পুনৰবাৰ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ উপৰিও মাস্ক পিন্ধা বা সামাজিক দুৰত্ব বৰ্তাই ৰখা আজি স্বাস্থ্যবিধি সকলোকে মানি চলিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে কৈছে যে, আন্তৰ্জাতিক বিমানযাত্ৰীৰ পৰা সংগ্ৰহ কৰা নমুনা অৱশ্যেই জেনোম চিকোয়েন্সিঙৰ বাবে পঠিওৱা উচিত। প্ৰধানমন্ত্ৰী মোদীৰ লগতে পৰামৰ্শ- যিসকলে প্ৰথম ডোজৰ টিকা লোৱাৰ পিছত দ্বিতীয় ডোজৰ টিকা লোৱা নাই, সেইসকলে দ্বিতীয় ডোজৰ ভেকচিন লব লাগে।