দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অহা ২জন কোৰোণা পজিটিভ

 


দক্ষিণ আফ্ৰিকা (South Africa)ৰ পৰা বিয়পি পৰা কোভিড ৰ নতুন ওমিক্ৰণ (Omicron) ভেৰিয়েণ্টক লৈ ভাৰততো সংক্ৰমণ (Coronavirus Omicron variant)ৰ আশংকা বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সতৰ্কীকৰণ জাৰি কৰিছে। ইয়াৰ মাজতে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অহা দুজন লোকৰ দেহত কোৰোণাৰ সংক্ৰমণ ধৰা পৰিছে। বেংগালুৰুলৈ অহা লোক দুজন পজিটিভ (2 People Corona positive Come from South Africa) হোৱাৰ পিছৰে পৰা দুয়োজনক আইছোলেচনত ৰখা হৈছে। অৱশ্যে এই কথা এতিয়াও নিশ্চিত হোৱা নাই যে লোক দুজন কোৰোণাৰ নতুন ভেৰিয়েণ্ট ওমিক্ৰণৰ দ্বাৰা আক্ৰান্ত হৈছে। দুয়োজনৰ জেন'ম ছিকুৱেন্সিঙৰ কাৰণে নমুনা লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে।


ৰাজ্যিক মন্ত্ৰী আৰ অশোকে কয় যে দক্ষিণ আফ্ৰিকাৰ পৰা ১০০০তকৈও অধিক লোক উভতি আহিছে। সকলোৰে পৰীক্ষা কৰা হৈছে। যিসকল ইতিমধ্যে বেংগালুৰু বা আন ঠাইলৈ আহিছে তেওঁলোকক ১০ দিনৰ পিছত আন এটা পৰীক্ষা কৰা হ'ব। ইফালে, চুবুৰীয়া ৰাজ্য তামিলনাডু (Tamilnadu)য়ে ৰাজ্যখনৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত স্ক্ৰীণিঙৰ বাবে স্বাস্থ্য বিভাগৰ ৪ জন বিষয়া নিয়োগ কৰিছে।
কৰ্ণাটক (Karnataka)কোৰোনা ভাইৰাছৰ কেন্দ্ৰ হৈ পৰিছে। ইয়াৰ আগতে ধাৰৱাদৰ এখন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ মাজত শুকুৰবাৰৰ ভিতৰত কোৰোনা সংক্ৰমণৰ সংখ্যা ২৮১ লৈ বৃদ্ধি পাইছিল। শুকুৰবাৰে প্ৰায় ৬০০ জন লোকে অংশগ্ৰহণ কৰা মহাবিদ্যালয়খনত এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কেইদিনমান আগতে আৰু ৯৯ জন শিক্ষাৰ্থী কোৰোনা পজিটিভ পোৱা গৈছিল।

Post a Comment

Previous Post Next Post