কোৰোণাৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তিত প্ৰধানমন্ত্ৰী মোদী


 

কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অমিক্ৰণক লৈ এক বৈঠক অনুষ্ঠিত কৰে। তাত মোদীয়ে কয় যে আমি ‘প্ৰ’এক্টিভ’ হৈ থকা আৱশ্যক। লগতে সম্ভাৱিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি মোদীয়ে বিষয়াবৰ্গক আন্তঃৰাষ্ট্ৰীয় যাত্ৰাত নিষেধাজ্ঞাক লৈ সমীক্ষা কৰিবলৈ কয়। প্ৰধানমন্ত্ৰীয়ে জনতাক অধিক সতৰ্ক হ’বলৈ, মাস্ক পিন্ধিবলৈ আরু দূৰত্ব বজাই ৰখাকে ধৰি সকলো নিয়ম পালন কৰিবলৈ আহ্বান জনায়।


প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে মোদীয়ে নতুন ভেৰিয়েণ্টলৈ লক্ষ্য ৰাখি ‘প্ৰ’এক্টিভ’ হৈ থকাৰ বিষয়ে কয়। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মতে, মোদীয়ে কয় যে নতুন বিপদৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণ অধিক সাৱধান হৈ থকা প্ৰয়োজন আৰু মাস্ক লগোৱাৰ লগতে ছচিয়েল ডিছটেন্সিং পালন কৰাৰ দৰে উচিত সাৱধানতা পালন কৰাটো প্ৰয়োজনীয়।
উল্লেখযোগ্য যে শেহতীয়াকৈ কোৰোণাৰ সংক্ৰমণ হ্ৰাস পোৱাত ভাৰতে কেইবাখনো দেশলৈ যাতায়াতৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰাই দিছিল। কিন্তু এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ ওপৰত সমীক্ষা কৰাৰ নিৰ্দেশ দিছে। মোদীয়ে বৈঠকত কয় যে যিসমূহ দেশত নতুন ভেৰিয়েণ্ট বিয়পাৰ সম্ভাৱনা আছে, সেইসমূহ পৃথককৈ চিহ্নিত কৰা হওক। লগতে মোদীয়ে সকলো আন্তঃৰাষ্ট্ৰীয় যাতায়াত কৰা সকলো যাত্ৰীৰ পৰীক্ষা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

বৈঠকত মোদীক টিকাকৰণ অভিযানত অগ্ৰগতি আৰু ‘হৰ ঘৰ দস্তক’ অভিযানৰ জৰিয়তে কৰি থকা প্ৰয়াসৰ বিষয়ে অৱগত কৰোৱা হয়। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মতে, মোদীয়ে দ্বিতীয় পালি ভেকচিনৰ পৰিসৰ বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়ে আরু কয় যে যিসকল লোকে প্ৰথম পালি লাভ কৰিছে, তেওঁলোকক দ্বিতীয় পালি সময়মতে দিয়াটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰৰ দ্বাৰা সুনিশ্চিত কৰা প্ৰয়োজন।

Post a Comment

Previous Post Next Post