'দিল্লী আৰক্ষীতে আছে আমাৰ মানুহ, এইবাৰ বাছি থাকিব নোৱাৰিব'

 


ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা গৌতম গম্ভীৰক আকৌ প্ৰাণে মৰাৰ ভাবুকি। ২৮ নৱেম্বৰৰ দিনা হত্যাৰ ভাবুকিৰে এটা ই-মেইল লাভ কৰে গম্ভীৰে। এইলৈ তৃতীয়বাৰৰ বাবে এনেধৰণৰ ভাবুকি পত্ৰ লাভ কৰিলে বিজেপিৰ সাংসদজনে। 'এইবাৰ কোনো কাৰণতে আপোনাক কোনেও ৰক্ষা কৰিব নোৱাৰিব। দিল্লী আৰক্ষীৰ মাজতে আছে আমাৰ মানুহ।'-এনেধৰণৰ কথাৰে মেইল আহিছে গম্ভীৰলৈ।


ইয়াৰ পূৰ্বে ২৫ নৱেম্বৰত দিল্লী আৰক্ষীৰ চাইবাৰ চেলৰ বিষয়াই জনাইছিল যে, গম্ভীৰলৈ অহা প্ৰথমখন ভাবুকি পত্ৰ

ই-মেইল যোগে পাকিস্তানৰ এগৰাকী ছাত্ৰই দিছিল। উল্লেখ্য যে, গৌতম গম্ভীৰলৈ দুটা মেইল পঠিওৱা হৈছিল। য'ত তেওঁক হত্যাৰ ভাবুকি দিয়া হৈছিল।
পূব দিল্লীৰ বিজেপিৰ সাংসদগৰাকীক জীৱন নাশৰ ভাবুকি আইএছআইএছ কাশ্মীৰৰ ফালৰ পৰা আহিছে বুলি উল্লেখ কৰিছে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। গৌতম গম্ভীৰৰ ঘৰৰ বাহিৰত সুৰক্ষা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে।

সিএনএন-নিউজ 18-এ দিল্লী আৰক্ষীৰ পৰা পোৱা তথ্য মতে, গম্ভীৰলৈ ইয়াৰ পূৰ্বে অহা দুয়োটা মেইলেই পাকিস্তানৰ কৰাচীৰ পৰা আহিছিল। মেইল কৰিছিল শ্বাহীদ হামিদ নামৰ এজন ছাত্ৰই। যুৱকজন সিন্ধু বিশ্ববিদ্যালয়ৰ ছাত্ৰ।

২৪ নৱেম্বৰত গৌতম গম্ভীৰলৈ পুনৰ আহে প্ৰাণে মৰাৰ ভাবুকিৰে মেইল। এই তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে আজিৰ দিনটোত পুনৰ আহে ক্ৰিকেটাৰ তথা বিজেপিৰ সাংসদগৰাকীলৈ প্ৰাণ নাশৰ ভাবুকিৰে মাইল।

Post a Comment

Previous Post Next Post