জে’লৰ পৰা ঘৰলৈ ওভতাৰ ২৪ ঘণ্টাৰ ভিতৰত আৰিয়ান খানে কৰিলে এই কাম


 

অৱশেষত ২৭ দিন কাৰাগাৰত কটোৱাৰ পিছত জামিনত মুক্ত হ’ল আৰিয়ান খান (Aryan Khan)। পুত্ৰক কাষত পাই পিতৃ শ্বাহৰুখ খান (Shah Rukh Khan) আৰু মাতৃ গৌৰী খান  (Gauri Khan) খুব আনন্দিত। আৰিয়ান খানে জামিন লাভ কৰাৰ পিছতে শনিবাৰে আৰ্থাৰ ৰোড জে’লৰ পৰা মুক্তি লাভ কৰে। শনিবাৰে ঘৰত উপস্থিত হোৱাৰ পিছত অনুৰাগীসকলে উষ্ম আদৰণি জনায়। ঘৰত উপস্থিত হোৱাৰ পিছতে আৰিয়ান খানে ল’লে এক ডাঙৰ সিদ্ধান্ত, যিটো দেখি আচৰিত হৈ পৰিছে অনুৰাগীসকল।


শ্বাহৰুখ খান আৰু গৌৰী খানে পুত্ৰক গ্ৰেপ্তাৰৰ পিছৰে পৰা চিন্তিত হৈ পৰিছিল। আৰিয়ান খানক মোকলাই আনিবৰ বাবে সম্ভৱপৰ সকলো চেষ্টাই কৰিছিল। ইমান চেষ্টাৰ পিছতে আৰিয়ান খানক মোকলাই অনাটো সম্ভৱ হোৱা নাছিল। তাৰিখৰ পিছত তাৰিখ পাৰ হৈছিল। দুবাৰকৈ জামিনৰ আবেদন খাৰিজ হোৱাৰ পিছত তৃতীয়বাৰ জামিন লাভ কৰিবলৈ সক্ষম হয় আৰিয়ানে।
আৰিয়ান খানে ঘৰলৈ উভতিয়ে এক ডাঙৰ সিদ্ধান্ত লয়। তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ডিপি সলনি কৰে। নিজৰ ফটো প্ৰফাইলৰ পৰা আঁতৰাই পেলায় আৰিয়ানে। ডিপিত এতিয়া তেওঁৰ ফটোৰ সলনি বগা বেকগ্ৰাউণ্ড দেখা গৈছে। ইয়াৰ লগতে কিছুমান পুৰণি পোষ্টো এতিয়া নাইকীয়া হৈছে তেওঁৰ একাউণ্টৰ পৰা। আৰিয়ানে কিয় এনে কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Post a Comment

Previous Post Next Post