২৬৬ টকা বৃদ্ধি পালে LPG কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম

 




দেশৰ ৰাজধানী দিল্লীত কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম আজিৰে পৰা ২৬৬ টকা বৃদ্ধি পাইছে। ফলত ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম আজিৰে পৰা ২০০০.৫০ টকা হ’লগৈ। ইয়াৰ পূৰ্বে ১৭৩৪ টকা আছিল এই চিলিণ্ডাৰৰ দাম। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা নাই।

ইয়াৰ উপৰি এলপিজি কমাৰ্চিয়েল চিলিণ্ডাৰ এতিয়া মুম্বাইত ১৬৮৩ টকাৰ সলনি ১৯৫০ টকা হৈছে। কলকাতাত এতিয়া ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ২০৭৩.৫০ টকা। ইফালে চেন্নাইত ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ২১৩৩ টকা।

অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হোৱা নাই। বৰ্তমান দিল্লীত ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম ৮৯৯.৫০ টকা। বিগত মাহত তেল কোম্পানীয়ে ৰাজসাহায্যবিহীন ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ১৫ টকা বৃদ্ধি কৰিছিল।

Post a Comment

Previous Post Next Post