অসম বিধানসভাৰ উপ নিৰ্বাচনত গোসাঁইগাঁও সমষ্টিৰ পৰা জয়লাভ কৰিছে ইউপিপিএলৰ জিৰণ বসুমতাৰীয়ে। ২৮,২৫২টা ভোটৰ ব্যৱধানত জয়লাভ কৰে জিৰণ বসুমতাৰীয়ে। জিৰণ বসুমতাৰীয়ে লাভ কৰে ৫৮,৭৬৯টা ভোট। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুৱে লাভ কৰে ৩০,৫১৭টা ভোট।
আনহাতে, ভৱানীপুৰ সমষ্টিত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰে। ২৫,৬৪১টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ফণীধৰ তালুকদাৰে। সমষ্টিটো ফণীধৰ তালুকদাৰে ৬৪,২০০ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে লাভ কৰে ৩৮,৫৫৯টা ভোট।