বিৰোধীক তচনচ কৰি উপ–নিৰ্বাচনত বৃহৎ জয় বিজেপি মিত্ৰজোঁটৰ!


 

অসমৰ ৫টা সমষ্টিত অনুষ্ঠিত হোৱা বিধানসভাৰ উপ–নিৰ্বাচনৰ ফলাফলত আটাইকেইটা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। আটাইকেইটা সমষ্টিতে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় কংগ্ৰেছ দলে। বিজেপি দলে তিনিখন আৰু ইউ পি পি এলে লাভ কৰিলে দুখন আসন। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে ফলাফলক লৈ বিভিন্ন মন্তব্য কৰিছিল যদিও কোনো এটা সমষ্টিতে বিজয়ৰ মুখ দেখিবলৈ সক্ষম নহ’ল। থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল যদিও অৱশেষত অভিলেখসংখ্যক ভোটত জয়ী হয় বিজেপি প্ৰাৰ্থীগৰাকী।


থাওৰা সমষ্টিৰ পৰা জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে। ৩১,৪২৯টা ভোটৰ ব্যৱধানত জয়ী হয় সুশান্ত বৰগোহাঁই। বৰগোঁহায়ে লাভ কৰে ৫৬,২৫৯টা ভোট। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে লাভ কৰে ২৪,৮৩০টা ভোট।
ইফালে, মৰিয়নীত শেষ হাঁহি মাৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। অভিলেখ সংখ্যক ভোটত মৰিয়নী সমষ্টিত জয়ী হয় বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী। নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থীগৰাকীতকৈ ৪০,১০৪টা ভোট বেছি লাভ কৰি জয়ী হয় ৰূপজ্যোতি কুৰ্মী।

আনহাতে, গোসাঁইগাঁও সমষ্টিৰ পৰা জয়লাভ কৰিছে ইউপিপিএলৰ জিৰণ বসুমতাৰীয়ে। ২৮,২৫২টা ভোটৰ ব্যৱধানত জয়লাভ কৰে জিৰণ বসুমতাৰীয়ে। জিৰণ বসুমতাৰীয়ে লাভ কৰে ৫৮,৭৬৯টা ভোট। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুৱে লাভ কৰে ৩০,৫১৭টা ভোট।

ভৱানীপুৰ সমষ্টিত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰে। ২৫,৬৪১টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ফণীধৰ তালুকদাৰে। সমষ্টিটো ফণীধৰ তালুকদাৰে ৬৪,২০০ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে লাভ কৰে ৩৮,৫৫৯টা ভোট।
তামুলপুৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে জয়লাভ কৰে। দ্বিতীয় স্থানত থাকে নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰী। জিএছপিৰ ব্ৰজেন্দ্ৰ নাথ ডেকা তৃতীয় স্থানত থকাৰ বিপৰীতে কংগ্ৰেছৰ ভাস্কৰ দাহাল থাকে চতুৰ্থ স্থানত।

নিৰ্বাচনী ফলাফলৰ পিছতে নৈতিক দায়িত্ব স্বীকাৰ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, ‘‘ৰাইজে উন্নয়ন বিচাৰিছে৷ মুখ্যমন্ত্ৰীয়ে পাঁচ সমষ্টিৰ উন্নয়নৰ বাবে ভোট দিবলৈ ৰাইজক আহ্বান জনাইছিল৷ ৰাইজে সেই হিচাপত ভোট দিলে৷ এতিয়া মুখ্যমন্ত্ৰীয়ে পাঁচটা সমষ্টিত উন্নয়নৰ গংগা নমাই আনক৷ সৰ্বকালৰ বাবে সমষ্টি কেইটাৰ সকলো সমস্যা সমাধান কৰক।’’

‘‘আমি খুব কম সময় পালো৷ আমাৰ কমিটী গঠনৰ এশ দিন হৈছেহে৷ তাৰ মাজতে উপ–নিৰ্বাচন পালো৷ বিৰোধীৰ আসনত আমাক ৰাখিছে ৰাইজে৷ পাঁচটা বছৰৰ পিছত দেখা যাব।’’ – ক’লে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই।

Post a Comment

Previous Post Next Post