ঋণ ল'ব বিচাৰিছে নেকি, ঋণ বিচাৰিও পোৱা নাই?



 CIBIL Score (চিবিল স্কোৰ) আমাৰ অৰ্থনৈতিক জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰে যিকোনো ঋণ দিয়াৰ আগতে চিবিল স্কোৰ পৰীক্ষা কৰে। চিবিল স্কোৰে কেৱল আপোনাৰ ক্ৰেডিট যোগ্যতা প্ৰতিফলিত কৰে। Credit Score (ক্ৰেডিট স্কোৰ) সাধাৰণতে 300 ৰ পৰা 900-ৰ ভিতৰত থাকে । ৩০০ৰ তলৰ স্কোৰ মানে অত্যন্ত দুৰ্বল আনহাতে ৯০০ নম্বৰটো হৈছে সৰ্বশ্ৰেষ্ঠ।


ব্যক্তিগত বিত্তীয় বিশেষজ্ঞ মমতা গোদিয়ালে এই চিবিল CIBIL Score) আৰু ক্ৰেডিট স্কোৰ Credit Score) কি আৰু সেইবোৰে আমাৰ বিত্তীয় জীৱনত কি অৰিহণা যোগায় সেই বিষয়ে জনাইছে। মমতা গোদিয়ালে Mamta Godiyal) কয় যে চিবিল স্কোৰৰ আগতে ক্ৰেডিট স্কোৰৰ বিষয়ে জানিব লাগিব।

চিবিল স্কোৰ বা ক্ৰেডিট স্কোৰ হৈছে যিকোনো ব্যক্তিৰ বিত্তীয় ৰিপোৰ্ট কাৰ্ডৰ দৰে। ই এজন ব্যক্তিৰ ধাৰ লোৱা পৰিমাণ আৰু পৰিশোধ কৰাৰ সামৰ্থক সূচায়। ই আপোনাৰ ক্ৰেডিট অৰ্হতা আৰু বিতং ক্ৰেডিট প্ৰতিবেদন প্ৰতিফলিত কৰে।

ক্ৰেডিট স্কোৰত ৫ প্ৰকাৰৰ তথ্য অন্তৰ্ভুক্ত থাকে। ইয়াত অন্তৰ্ভুক্ত থাকে আপোনাৰ চিবিল স্কোৰ, সম্পৰ্ক তথ্যৰ সৈতে ব্যক্তিগত তথ্য, নিযুক্তিৰ তথ্য, একাউণ্টৰ তথ্য আৰু অনুসন্ধান (Enquiry) সম্পৰ্কীয় তথ্য।

আপোনাৰ ঋণৰ ইতিহাস, ঋণ পৰিশোধৰ ৰেকৰ্ড, আপুনি কিমান সঘনাই ধাৰ লৈছে আৰু আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ইতিহাস মনত ৰাখি দেশৰ ক্ৰেডিট ব্যুৰোৰ দ্বাৰা ক্ৰেডিট স্কোৰ গণনা কৰা হয়। ক্ৰেডিট স্কোৰ 300-900ৰ ভিতৰত আহে। 900 অংকৰ ক্ৰেডিট স্কোৰ এটা ভাল বুলি গণ্য কৰা হয়।

Post a Comment

Previous Post Next Post