জ্যেষ্ঠ বিজেপি নেতা ৰণজিৎ ঠাকুৰীয়াৰ দেহাৱসান! বাসগৃহত উপস্থিত হৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ শ্ৰদ্ধাঞ্জলি


 

ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতা ৰণজিৎ ঠাকুৰীয়া (Ranjit  Thakuria)ৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতেই বৰপেটাৰ বাতিকুৰিহা গাঁৱৰ বাসগৃহত উপস্থিত হয় প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Minister Ranjit Kumar Das)ৰ লগতে বিজেপিৰ বহু নেতা কৰ্মী ৷ ৬৫ বছৰ বয়সত দেহাৱসান ঘটা ৰণজিৎ ঠাকুৰীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু দলৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে ৰণজিত কুমাৰ দাসে।


অসমত বিজেপিৰ সাংগঠনিক দিশ শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ৰণজিৎ ঠাকুৰীয়াই আগবঢ়োৱা অৱদানক সোঁৱৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ তেও কয়- "ৰণজিৎ ঠাকুৰীয়াই ৰাষ্ট্ৰ আৰু দলৰ প্ৰতি সমৰ্পিত প্ৰাণেৰে কাম কৰিছিল ৷" বিজেপি কাৰ্যালয়ৰ এটা সৰু কোঠাতে বাস কৰি নিজে ৰন্ধা বঢ়া কৰি খোৱাৰ লগতে আন আন নেতা কৰ্মীসকলকো খুৱাই বোৱাই দলৰ বাবে ২৪ ঘন্টাই সেৱা আগবঢ়াই যোৱা ৰণজিৎ ঠাকুৰীয়া দলৰ এগৰাকী অতি নিষ্ঠাবান সৈনিক বুলিও দোহাৰে ৷ নিজ স্বাৰ্থৰ বাবে কোনোদিনেই চিন্তা নকৰা নেতাগৰাকীয়ে সেই সময়ত ৰাজ্যিক বিজেপিৰ সম্পাদকৰ লগতে কৃষক মৰ্চা, যুৱ মৰ্চা আদি বিভিন্ন দায়িত্ব লাভেৰে উজনি, নামনি, উত্তৰ অসম আদিত দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাত দৃঢ় ভূমিকা লৈছিল বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইপিনে দলৰ জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই টেলিফোন যোগে পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ৰণজিৎ ঠাকুৰীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতিও সমবেদনা জনায়। বিজেপি নেতা তথা বৰপেটাৰ প্ৰভাৰী জয়ন্ত কুমাৰ দাসে বাতিকুৰিহাত উপস্থিত হৈ প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনায় ৷

Post a Comment

Previous Post Next Post