ইয়াত কোনো সন্দেহ নাই যে Kangana Ranautৰ অনবদ্য অভিনয় দক্ষতা আছে, কিন্তু তাৰ লগতে, তেওঁ নিৰ্ভয়ে আৰু প্ৰায়েই বেপৰোৱাভাৱে নিজৰ মন আৰু মগজুৰ কথা কোৱাৰ বাবেও বিখ্যাত বা কুখ্যাত। পিছে এই বেপৰোৱা মনোভাৱেই প্ৰায়েই বিতৰ্কত সাঙুৰি পেলায় কংগনাক। শেহতীয়াকৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে কৃষি আইন (Farm Laws) বাতিল কৰাৰ ঘোষণা কৰাৰ পিছতে কংগনাই নিজৰ ইনষ্টাগ্ৰামত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখা দীঘলীয়া টোকাত শিখ সম্প্ৰদায় (Sikh Community)ৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰ কৰিছিল।
কংগনাৰ এই অপমানসূচক মন্তব্যৰ পিছতে দিল্লী শিখ গুৰুদ্বাৰা পৰিচালনা সমিতিয়ে (DSGMC) ইনষ্টাগ্ৰামত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগত চাইবাৰ চেলত কংগনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সমিতিখনে এটা বিবৃতিও জাৰি কৰি কৈছিল যে অভিনেত্ৰীগৰাকীয়ে 'ইচ্ছাকৃতভাৱে' আৰু 'উদ্দেশ্যপ্ৰণোদিতভাৱে' কৃষকসকলৰ প্ৰতিবাদক 'খলিস্তানী আন্দোলন' (Khalistani Protest) হিচাপে চিত্ৰিত কৰিছিল।
বিবৃতিটোত DSGMCয়ে কয়, 'কংগনাই শিখ সম্প্ৰদায়ক খলিস্তানী সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছিল, আৰু ১৯৮৪ৰ গণহত্যাৰ উল্লেখ কৰি এই গণহত্যাক (স্বৰ্গীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী) ইন্দিৰা গান্ধীৰ এক পৰিকল্পিত পদক্ষেপ আছিল বুলি অভিহিত কৰে।' ইয়াৰ পূৰ্বে, সভাপতি আৰু শিৰোমণি অকালি দলৰ (SAD) নেতা মনজিন্দৰ সিং চিৰছাই চৰকাৰক কংগনাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ বা তেওঁক 'মানসিক চিকিৎসালয়'লৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল। চিৰছাই নিজৰ টুইটাৰ হেণ্ডেলত লিখিছিল, 'তেওঁক হয় মানসিক চিকিৎসালয়ত বা কাৰাগাৰত ৰখা উচিত।"