পৰ্ণ ভিডিঅ’ত পাকিস্তানৰ মহিলা বিধায়কৰ মুখ


 

পৰ্ণ ভিডিওত পাকিস্তানৰ মহিলা বিধায়ক ছানীয়া আছিক! যাকলৈ তোলপাৰ লাগিছে পাকিস্তানত। ছচিয়েল মিডিয়াত সাংঘাটিক ধৰণে ভাইৰেল হৈছে এই ভিডিও। এই ভিডিও দেখাৰ পিছত সেই মহিলাগৰাকী তেওঁ নহয় বুলি দাবী কৰিছে ছানীয়া আছিকে (Woman MLA of Pakistan found herself as a victim of a cyber crime with an obscene video)৷ পাকিস্তানৰ মহিলা বিধায়কগৰাকী চাইবাৰ ক্ৰাইমৰ চিকাৰ হৈছে বুলি দাবী কৰা হৈছে। ছানীয়াৰ দাবী- পৰ্ণ ভিডিওত তেওঁৰ মুখ ব্যৱহাৰ কৰা হৈছে।


ছানীয়া আছিক পাকিস্তান মুছলিম লীগ নাৱাজৰ পাঞ্জাৱ প্ৰদেশৰ তক্ষশীলাৰ বিধায়ক। তেওঁৰ লগতে তেওঁৰ দলৰ সন্মানহানি কৰাৰ বাবে এই ভিডিও ভাইৰেল কৰা হৈছে বুলি দাবী কৰা হৈছে। ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে নেত্ৰীগৰাকী।
যোৱা মাহত ভাইৰেল হৈছিল এই ভিডিও। যাক লৈ তোলপাৰ লাগে পাকিস্তানৰ ৰাজনৈতিক মহল।
মাৰিয়ম নাৱাজৰ অত্যন্ত ঘনিষ্ঠ বুলি পৰিচিত আছিক। বিৰোধী দলৰ বিধায়ক হোৱাৰ বাবেই এই ষড়যন্ত্ৰ কৰা হৈছে বুলি দাবী কৰিছে একাংশই। আন একাংশই কিন্তু ভিডিওত দেখা মহিলাগৰাকী আছিক বুলিয়েই দাবী কৰিছে।

Post a Comment

Previous Post Next Post