পানীত নামিল বিশ্বৰ প্ৰথমখন বৈদ্যুতিক জাহাজ, প্ৰয়োজন নাথাকিব কোনো চালকৰো


 

গোলকীয় উষ্ণতা বৃদ্ধিত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ কোনো বিকল্প নাই। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি নৰৱেই বিশ্বৰ প্ৰথমখন সম্পূৰ্ণ বৈদ্যুতিক আৰু স্বয়ংক্ৰিয় কাৰ্গো জাহাজ মুকলি কৰে। যোৱা শুকুৰবাৰে 'য়াৰা বাৰ্কলেণ্ড' নামৰ জাহাজখন সংবাদ মাধ্যমৰ ওচৰত প্ৰদৰ্শন কৰা হয়।


এই জাহাজখনৰ আন এটা বিশেষত্ব হ'ল ই চালকবিহীন বা স্বয়ংক্ৰিয়ভাৱে চলিবলৈ সক্ষম। জাহাজখনৰ মুকলি কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ ৰূপে বিবেচিত হৈছে। এই জাহাজখনে নৰৱেৰ দক্ষিণ-পূব চহৰ পোৰ্চগ্ৰুনৰ এটা কাৰখানাৰ পৰা ৮ মাইল দূৰত থকা ব্ৰেভিক বন্দৰলৈ ১২০টা কন্টেইনাৰ সাৰ প্ৰেৰণ কৰি ইতিমধ্যে কাম আৰম্ভ কৰি দিছে।

জাহাজখনৰ চলাচলে বছৰত প্ৰায় ৪০,০০০ ডিজেলচালিত ট্ৰাকৰ প্ৰয়োজনীয়তা শেষ কৰিব। ই পৰিৱেশ প্ৰদূষণো হ্ৰাস কৰিব। নৰৱেৰ সাৰ নিৰ্মাতা য়াৰাৰ মুখ্য কাৰ্যবাহী স্বেন টৰে হলছেথাৰে কয় যে স্বয়ংক্ৰিয় আৰু পৰিৱেশ-অনুকূল জাহাজ নিৰ্মাণত অসুবিধা আৰু সমস্যা থাকি গৈছিল। কিন্তু ই জাহাজখনৰ নিৰ্মাণৰ পিছত এয়া ডাঙৰ পুৰস্কাৰ যেন লাগিছে।


উল্লেখ্য, য়াৰা কৰ্তৃপক্ষই ৮০ মিটাৰ দীঘল আৰু ৩,২০০ টন ক্ষমতাৰ জাহাজখন অহা দুবছৰৰ বাবে পৰিচালনা কৰিব। জাহাজখনে স্বয়ংক্ৰিয়ভাৱে চলাচল কৰিব ইয়াত সংস্থাপন কৰা চেন্সৰৰ সহায়ত। প্ৰকল্প প্ৰৱন্ধক জেষ্টেন ব্ৰাটেনে কয় যে জাহাজখনে সুৰক্ষিত যাত্ৰা নিশ্চিত কৰিব পাৰিব।

Post a Comment

Previous Post Next Post