১০০ শতাংশ কোভিড ভেকচিনেশ্যনৰ লক্ষ্য! আৰম্ভ হ'ল 'হৰ ঘৰ দস্তক' অভিযান!

 


বিশ্বত আকৌ আৰম্ভ হৈছে কোৰোণাৰ ওমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণ। তেনে সময়তে কোৰোণা ভাইৰাছক সম্পূৰ্ণ ৰূপে প্ৰতিহত কৰিবলৈ আৰম্ভ হৈছে 'হৰ ঘৰ দস্তক' অভিযান। ভেকচিন লবলৈ এতিয়াও যিসকল লোক বাকী আছে, সেইসকলৰ ভেকচিন প্ৰদান সুনিশ্চিত কৰিবলৈ এই অভিযান আৰম্ভ কৰিছে প্ৰশাসনে। অভিযানত অংশ হিচাপে ২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰ, ২০২১লৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ এলেকা সামৰি বৃহৎ প্ৰমাণীকৰণ ও নিৰীক্ষণ কাৰ্যসূচী হাতত লোৱা হৈছে।


এই ব্যৱস্থাত স্বাস্থ্য বিভাগৰ লগতে অন্যান্য বিভাগৰ প্ৰায় এক লাখতকৈ অধিক চৰকাৰী কৰ্মচাৰী নিয়োজিত হৈছে। তেওঁলোকে ৰাজ্যখনৰ ২৮,০০০ৰ অধিক ভোটকেন্দ্ৰৰ অধীনত ঘৰে ঘৰে জৰীপ কৰি প্ৰতিষেধকৰ প্ৰমাণীকৰণ কৰাৰ লগতে যোগ্য ব্যক্তিক ঠাইতে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে।

আজিৰ এই মহাঅভিযানত অসমৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, সাংসদ, মুখ্য সচিবকে প্ৰমুখ্য কৰি ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াবৰ্গ, প্ৰতিটো বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অঞ্চলসমূহ পৰিদৰ্শন কৰি আছে। ইয়াৰ অংশ হিচাপে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ মহকুমাৰ ফুলগুৰিচাং আৰু দেওঁচূৰচাং ভোটগ্ৰহণ কেন্দ্ৰ দুটিৰ অন্তৰ্গত এলেকাত  কোভিড প্ৰতিষেধক গ্ৰহণ নকৰাকৈ থকা লোকসকলক উৎসাহিত কৰি কোভিড প্ৰতিষেধক গ্ৰহণ সুনিশ্চিত কৰে।

ইফালে কামৰূপ মেট্ৰতো এই অভিযান সোমবাৰৰ পৰা আৰম্ভ হৈছে। জিলাখনত ১০ ডিচেম্বৰৰ ভিতৰত ১০০ শতাংশ ভেকচিনেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য। কামৰূপ (ম) জিলাত এতিয়ালৈকে ২২ লাখ ৮৩ হাজাৰ ৪৪৫টা ভেকচিন এই পৰ্যন্ত প্ৰদান কৰা হৈছে।
ইয়াৰে ১২ লাখ ৭৩ হাজাৰ ৯৩ টা প্ৰথম পালি ভেকচিন দিয়া হৈছে। ১০ লাখ ১০ হাজাৰ ৩৫২ টা দ্বিতীয় পালি ভেকচিন দিয়া হৈছে।

Post a Comment

Previous Post Next Post