যোৰহাটত উদণ্ড যুৱকে মৰিয়াই হত্যা কৰিলে আছু নেতাক


 

যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত হয় মাৰপিটৰ ঘটনা। যোৰহাট নগৰৰ মাজমজিয়াত আছুৰ এগৰাকী ছাত্ৰনেতাক সাধাৰণ বাইকে খুন্দিওৱা ঘটনা এটাক কেন্দ্ৰ কৰিয়েই কেইবাজনো যুৱকে পথৰ মাজতে মৰিয়াই মৰিয়াই মাৰি পেলায়।  এই হত্যাকাণ্ড ড্ৰাগছ সৰবৰাহৰ লগত জড়িত কেইজনমান যুৱকে সংঘটিত কৰিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।


 যোৰহাট সদৰ আৰক্ষীৰ চূড়ান্ত দুৰ্বলতাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।


 গণপ্ৰহাৰত মৃত্যুমুখত পৰা যুৱকজন ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ (Golaghat district)  ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ শিক্ষা সম্পাদক আছিল। বহুকেইজন যুৱকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ বাবে ছাত্ৰ নেতাজন মৃত্যুমুখত পৰে।


ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ আঘাত প্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।


মৃত যুৱক জন সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ (Student Union Golaghat district) ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক যুৱকজন অনিমেশ ভূঞা বুলি জানিব পৰা গৈছে ।যোৰহাট আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আটক কৰিছে ৫ জন যুৱকক । আৰক্ষীয়ে আটক কৰা যুৱককেইজন হল দেৱ দাস , অবিনাশ বৰা , সুভাষ বৰা , বিক্ৰম দাস আৰু বিতোপন দাস ।

Post a Comment

Previous Post Next Post