সংসদৰ শীতকালীন অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হৈছে। প্ৰথম দিনাই কৃষি আইন ঘূৰাই লোৱাক লৈ বিতৰ্ক চলিছিল সংসদত। ইয়াৰ মাজতে বিশেষ শৈলীৰ বাবে জনাজাত কংগ্ৰেছ নেতা শশী থাৰুৰে কৰে এটা টুইট। কিন্তু টুইট দেখি ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাবলৈ ধৰে (strong reactions on social media)।
থাৰুৰে (Congress leader Shashi Tharoor) এখন ফটো টুইট কৰি লিখিছিল, "কোনে কয় যে লোকসভা কাম কৰাৰ বাবে আকৰ্ষণীয় ঠাই নহয়? আজি ৰাতিপুৱা মই মোৰ ছগৰাকী সহযোগী সাংসদৰ সৈতে।"
দৰাচলতে, থাৰুৰে টুইট কৰা ফটোখনত (Tharoor tweeted a photo) এনচিপিৰ সাংসদ সুপ্ৰিয়া চুলে, কংগ্ৰেছ সাংসদ পৰনীত কৌৰ, টিএমচিৰ সাংসদ মিমি চক্ৰৱৰ্তী, টিএমচিৰ সাংসদ নুছৰত জাহান, কংগ্ৰেছ সাংসদ জোথিমানীৰ সৈতে থাৰুৰ ফটো আছিল। আমোদজনকভাৱে থাৰুৰৰ বাহিৰে সকলো সাংসদ এই ফটোখনত আছিল মহিলা। ছ'চিয়েল মিডিয়াত থাৰুৰক ইয়াৰ বাবে সমালোচনা কৰে। অৱশ্যে কিছু ইউজাৰে তেওঁক লৈ কৰা মন্তব্যৰ বিৰোধিতা কৰিছিল।
ফটোখনৰ বিষয়ে মন্তব্য কৰি ভেঙ্কটেশে (@vrishahi) লিখিছিল- "মহান ছবি! সেইকাৰণে আমি ত্ৰিবান্দ্ৰমৰ বাসিন্দাসকলে সংসদত আপোনাক ভোট দিছিলো! নেহৰুভিয়ান আদৰ্শ জীয়াই আছে..."।থাৰুৰৰ ফটোৰ উত্তৰ দি ৰূপলেখাই (@RuplekhaMitra1) লিখিছিল: "আপুনি কেৱল মহিলাৰ প্ৰতি আকৰ্ষিত হৈছে নেকি? আপুনি নাভাবে নেকি যে আপোনাৰ সমষ্টিৰ প্ৰতি আপোনাৰ দায়িত্বই আপোনাৰ কৰ্মস্থানক আকৰ্ষণীয় কৰি তোলে।"

কংগ্ৰেছ সাংসদগৰাকীক সমৰ্থন কৰি ৰেখা শুক্লাই (@Rekha_kaveringo) এখন ফটো শ্বেয়াৰ কৰি উত্তৰ দি কয়, "যদি কাৰ্যালয়ত কাম কৰা এজন ব্যক্তিয়ে সহকৰ্মীসকলৰ সৈতে ফটো তোলে, তেন্তে সেয়া ঠিক আছে। কিন্তু এই কাম সহকৰ্মীসকলৰ শশী থাৰুৰে কৰিলে ট্ৰ'ল কৰা হয়। বৈষম্য আৰু পক্ষপাতমূলক লোক সদায়ে থাকিব।"