প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক দিল্লীৰ এইমছ চিকিৎসালয়ৰ পৰা ডিচাৰ্জ দিয়া হৈছে। দেওবাৰে সন্ধিয়া তেওঁক হাস্পতালৰ পৰা যাবলৈ অনুমতি দিয়া হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নী গুৰচৰণ কৌৰে তেওঁৰ বিষয়ে অৱগত কৰি কয় যে ড০ মনমোহন সিং ঘৰলৈ আহিছে আৰু ডেংগুৰ পৰা আৰোগ্য হৈছে। একে সময়তে তেওঁ এইমছৰ সকলো চিকিৎসক, নাৰ্ছ, সহায়ক কৰ্মচাৰী আৰু শুভাকাংক্ষীক ড০ মনমোহন সিঙৰ দ্ৰুত আৰোগ্যৰ প্ৰতি তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য ড০ মনমোহন সিঙৰ স্বাস্থ্যৰ হঠাৎ অৱনতি হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ১৩ অক্টোবৰত। এইমছৰ কাৰ্ডিঅ'-নিউৰো চেণ্টাৰৰ ব্যক্তিগত ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল আৰু ডাঃ নীতিশ নায়েকৰ নেতৃত্বত হৃদৰোগ বিশেষজ্ঞৰ এটা দলৰ তত্ত্বাৱধানত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।
ইয়াৰ পূৰ্বে কোৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙো সংক্ৰমিত হৈছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক ১৯ এপ্ৰিলত কোৰোণা ইতিবাচক পোৱা গৈছিল। তাৰ পিছত তেওঁক এইমছত ভৰ্তি কৰোৱা হৈছিল।