জিও ড্ৰাইভ-ইন থিয়েটাৰ উদ্বোধন কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে


 

টেকনলজি, ষ্টাইল-সকলো দিশতে দুৰ্দান্ত জিও ৱৰ্ল্ড ড্ৰাইভ। প্ৰিমিয়াম শ্বপিং মল উদ্বোধন কৰিলে ৰিলায়েন্সে। ইয়াৰ জৰিয়তে বিশ্বমানৰ সেৱা গ্ৰাহকক দিবলৈ বদ্ধপৰিকৰ ৰিলায়েন্স সংস্থা। ভাৰতীয় লোকে যাতে দেশৰ ভিতৰতে আন্তৰ্জাতিক মানৰ শ্বপিং মল লাভ কৰে, সেই উদ্দেশ্যে এই মল খোলা হৈছে। এণ্টাৰটেইনমেণ্ট, খোৱা খাদ্য, ৰিটেল, সংস্কৃতি সকলো আছে ইয়াত। এই ধৰণৰ অত্যাধুনিক শ্বপিং মল প্ৰথমবাৰলৈ ভাৰতত। (JWD offers a slew of innovative concepts in entertainment, F&B, retail, culture etc) ৷


মুম্বাইৰ বাণিজ্যিক কেন্দ্ৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্স সম্প্ৰতি উদ্বোধন হৈছিল জিও ৱৰ্ল্ড ড্ৰাইভৰ। ১৭.৫ একৰ মাটিত নিৰ্মাণ কৰা হৈছে এই প্ৰিমিয়াম ৰিটেল ডেষ্টিনেশ্যন।

ৰিলায়েন্স ব্ৰেণ্ডছ লিমিটেডৰ চিইঅ' দৰ্শন মেহতাই জনাইছিল যে, বান্দ্ৰা কুৰ্লা কমপ্লেক্স নিৰ্মাণ কৰা জিও ৱৰ্ল্ড ড্ৰাইভ মুম্বাইৰ ছচিয়েল চেণ্টাৰৰ নতুন ভৰকেন্দ্ৰ বুলি ক'ব পাৰি। সমগ্ৰ বিশ্বৰ বিভিন্ন ৰিটেইল সংস্থাৰ আউটলেট আছে তাত। জিও ড্ৰাইভ-ইন থিয়েটাৰো এক নতুন আকৰ্ষণ হ'বলৈ গৈ আছে।

Post a Comment

Previous Post Next Post