উত্তৰ প্ৰদেশৰ গাজীপুৰৰ মহম্মদাবাদ থানাৰ অন্তৰ্গত অহিৰৌলী গাঁৱত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জন লোকৰ। এখন ট্ৰাকে মহতিয়াই নিয়ে ১০জনকৈ লোকক। ঘটনাস্থলীতে নিহত হয় ৬জন লোকৰ।
এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। একাংশ ক্ষুব্ধ লোকে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে পথৰ ওপৰত মৃতদেহ ৰাখি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু হোৱাত গভীৰ শোক প্ৰকাশ কৰে। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।
জানিব পৰা মতে, মুহম্মদবাদ অঞ্চলত এখন দ্ৰুতবেগী নিয়ন্ত্ৰণহীন ট্ৰাকে মঙলবাৰে পুৱা পথৰ দাঁতিত থকা জুবুৰীত সোমাই পৰে। এই দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দুজনৰ মৃত্যু হয় হাস্পতাললৈ নিয়াৰ পথত। দুৰ্ঘটনাত আন কেইবাজনো লোক আহত হয়। ট্ৰাকখন নিয়ন্ত্ৰণহীন হোৱাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।