বম্বে হাইক’ৰ্টে অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক প্ৰদান কৰিলে জামিন। বৃহস্পতিবাৰে আদালতে মঞ্জুৰ কৰে আৰিয়ান খানৰ জামিন। ক্ৰুজ জাহাজত ড্ৰাগছৰ পাৰ্টীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আৰিয়ান খান। আৰিয়ানৰ লগতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাৰো জামিন আবেদন মঞ্জুৰ কৰে ন্যায়ালয়ে। আৰিয়ান খানৰ অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে আদালতে নিজৰ সিদ্ধান্তৰ ওপৰত বিস্তৃত নিৰ্দেশনা শুকুৰবাৰে জাৰি কৰিব। ইয়াৰ পিছতে কাইলৈ বা পৰহিলৈ আটাইকেইজন অভিযুক্ত জে’লৰ পৰা ওলাব পাৰিব।
আৰিয়ান খানৰ অধিবক্তাই মঙলবাৰে নিজৰ দলিলত কৈছিল যে নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যূৰ’ৰ ওচৰত ২৩ বছৰীয়া আৰিয়ান খানৰ বিৰুদ্ধে কোনো সাক্ষ্য নাই আৰু তেওঁক ভুল পদ্ধতিৰে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২০ দিনৰো অধিক সময় জে’লত ৰখা হৈছে।
আৰিয়ান খানৰ আবেদনৰ ওপৰত ন্যায়াধীশ এন ডব্লিউ ছাম্বৰেই মঙলবাৰে শুনানি আৰম্ভ কৰিছিল। বুধবাৰে আৰিয়ান খানৰ অধিবক্তা মুকুল ৰোহতগী, গোচৰৰ আন অভিযুক্ত আৰবাজ মাৰ্চেণ্টৰ অধিবক্তা অমিত দেশাই আৰু মুনমুন ধামেচাৰ অধিবক্তা আলী কাছিফ খান দেশমুখে নিজৰ দলিল সম্পূৰ্ণ কৰিছিল।
উল্লেখযোগ্য যে মুম্বাইৰ সাগৰৰ পাৰৰ সমীপত ক্ৰুজ জাহাজত এনচিবিৰ অভিযানত মাদক দ্ৰব্য পোৱাৰ গোচৰত তিনি অক্টোবৰত আৰিয়ান খান, মাৰ্চেণ্ট আৰু ধামেচাক আন সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল। এনডিপিএছ গোচৰৰ বিশেষ আদালতে জামিনৰ আবেদন খাৰিজ কৰাৰ পিছত বিগত সপ্তাহত আৰিয়ানৰ অধিবক্তা দ্বাৰস্থ হৈছিল বম্বে হাইক’ৰ্টৰ।