প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে অষ্টাদশ এছিয়ান-ভাৰত সন্মিলনত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনত কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় উদ্যোগ আৰু ভাৰত-প্ৰশান্তৰ প্ৰতি এছিয়ানৰ দৃষ্টিভংগী হৈছে অঞ্চলটোৰ প্ৰতি তেওঁলোকৰ সহযোগিতাসুলভ দৃষ্টিভংগী আৰু পাৰস্পৰিক সহযোগিতাৰ ৰূপৰেখা।
তেওঁ কয় যে ভাৰতৰ বাবে এছিয়ানৰ একতা আৰু কেন্দ্ৰীয়তা সদায় এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ হৈ আহিছে। এছিয়ানৰ এই বিশেষ ভূমিকা ভাৰতৰ এক্ট ইষ্ট নীতিৰ অংশ, যাক 'সাগৰ' (অঞ্চলটোৰ সকলোৰে সুৰক্ষা আৰু উন্নয়ন) নীতিত সন্নিৱিষ্ট কৰা হৈছে।
এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনায় যে আজি অষ্টদশ ভাৰত-এছিয়ান সন্মিলনত দক্ষিণ চীন সাগৰ, সন্ত্ৰাসবাদকে ধৰি আন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহো আলোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে কয় যে এই সময়ছোৱাত সকলো নেতাই দক্ষিণ চীন সাগৰত শান্তি, স্থিৰতা আৰু নিৰাপত্তা বজাই ৰখাৰ লগতে নৌ-চলাচল তথা নিৰীক্ষণৰ স্বাধীনতা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব পুনৰ নিশ্চিত কৰে৷
ভাৰ্চুৱেলী অনুষ্ঠিত সন্মিলনখনত এছিয়ান দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধান, চৰকাৰৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰে৷ উল্লেখ্য এই সন্মিলন প্ৰতিবছৰে অনুষ্ঠিত হয়। ইয়াৰ দ্বাৰা ভাৰত আৰু এছিয়ানক সৰ্বোচ্চ পৰ্যায়ত যোগদান কৰাৰ সুযোগ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰ নৱেম্বৰত ১৭তম এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিছিল। এইবাৰ তেওঁ ১৮তম এছিয়ান-ভাৰত সন্মিলনত অংশগ্ৰহণ কৰে। ২০০৫ চনৰ পৰা আৰম্ভ হোৱা এই সন্মিলনে এছিয়াৰ কৌশলগত আৰু ভূ-ৰাজনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।