চীনৰ AIIB আৰু মেনিলাৰ ADBৰ পৰা ভাৰতে বিচাৰিলে ১৪,৯৬৯ কোটিৰ ঋণ


 

সমগ্ৰ দেশত প্রতিষেধক প্রদানৰ যোগেদি Covid মুক্ত কৰিবলৈ ভাৰতক প্ৰয়োজন অতিৰিক্ত ৬৭ কোটি পালি ভেকচিন। এতিয়া এই সমপৰিমাণৰ ধন বিচাৰি Asian Development Bank আৰু Asian Infrastructure Investment Bankৰ কাষ চাপিছে কেন্দ্ৰীয় চৰকাৰ। ইতিমধ্যে ভাৰতে মেনিলাৰ ADB আৰু বেইজিঙৰ AIIBৰ পৰা ১৪,৯৬৯কোটি টকা ঋণ বিচাৰি আৱেদন জনাইছে। বেংক  কৰ্তৃপক্ষই অৱগত কৰিছে এই তথ্য।


কেন্দ্ৰীয় চৰকাৰে ADBৰ পৰা ১১,২২৮ কোটি টকাৰ ঋণ বিচৰাৰ বিপৰীতে বেইজিঙৰ বেংকটোৰ পৰা বিচাৰিছে ৩৭৪১কোটি। ঋণৰ আৱেদনৰ অনুমোদনৰ কাৰণে সেই ধনৰে ক্ৰয় কৰিব বিচৰা প্রতিষেধক কেইটাক কিন্তু বিশ্ব স্বাস্থ্য সন্থাই স্বীকৃতি প্রদান কৰিব লাগিব। উল্লেখযোগ্য যে, ভাৰত চৰকাৰে স্বীকৃতি প্রদান কৰা দুটা ভেকচিনৰ Covaxin-এ এতিয়াও WHOৰ স্বীকৃতি পোৱা নাই। অৱশ্যে আনটো ভেকচিন Covishield-এ বিশ্ব স্বাস্থ্য সন্থাৰ অনুমোদন লাভ কৰিছে । অহা নৱেম্বৰৰ ৩ তাৰিখে বিশ্ব স্বাস্থ্য সন্থাই এই সন্দৰ্ভত এখন বৈঠকৰ আহ্বান জনাইছে ।
ভাৰতে ADBৰ Asia Pacific Vaccine Access Facility Initiative চমুকৈ APVAXৰ অধীনত এই ঋণ বিচাৰিছে। এই আঁচনিৰ যোগেদি আন্তৰাষ্ট্ৰীয় বেংকটোৱে উন্নয়নশীল দেশ সমূহে সুকলমে ভেকচিন প্ৰদান কৰাৰ পথ প্ৰশস্ত কৰে। উন্নয়নশীল দেশ সমূহক চৰ্ত সাপেক্ষে এই ঋণ প্ৰদান কৰা হয়। এই ঋণৰে Global Vaccine Access Initiative – Covaxৰ যোগেদি ভেচকিন সমূহ ক্ৰয় কৰিব লাগিব।

Post a Comment

Previous Post Next Post