এইবাৰ এছিয়াৰ সাংস্কৃতিক উত্তৰাধিকাৰ ৰক্ষাৰ ভাৰ ল'লে ইশা আম্বানীয়ে


 

স্মিথছনিয়াছ নেচনেল মিউজিয়াম অৱ এছিয়ান আৰ্টে ঘোষণা কৰিছে তেওঁলোকৰ নতুন বোৰ্ড মেম্বাৰৰ নাম। নতুন এই বোৰ্ড মেম্বাৰৰ দলত ভাৰতৰ পৰা স্থান লাভ কৰিছে ইশা আম্বানীয়ে। এই বোৰ্ডত আছে কাৰোলিন ব্ৰেহেম আৰু পিটাৰ কিমেলম্যান।


জনা গৈছে যে, ১৭ জন মেম্বাৰেৰে স্মিথছনিয়াছ নেচনেল মিউজিমা অব এছিয়ান আৰ্টৰ এই বোৰ্ড গঠিত। প্ৰত্যেক সদস্য ৪ বছৰৰ বাবে নিয়োগ হয়। নতুন এই তিনিগৰাকী বোৰ্ড মেম্বাৰৰ কাৰ্যকাল আৰম্ভ কৰিছে ২০২১ৰ ২৩ ছেপ্তেম্বৰৰ পৰা।এই বোৰ্ডত আছে ইউনাইটেড ষ্টেটৰ চিফ জাষ্টিচ, ইউনাইডেট ষ্টেটৰ ভাইচ প্ৰেচিডেণ্ট, ইউনাইটেড ষ্টেটৰ ছিনেটৰ ৩গৰাকী মেম্বাৰ, ইউনাইটেড ষ্টেটৰ হাউজ অৱ ৰিপ্ৰেজেণ্টিটিভৰ ৩ জন মেম্বাৰ আৰু অন্যান্য ঠাইৰ ৯ জন মেম্বাৰ।

Post a Comment

Previous Post Next Post