২৪ ঘণ্টাত ১৬,১৫৬জন নতুনকৈ আক্ৰান্ত



দেশত কোৰোণৰ সংক্ৰমণৰ ঘটনা কোনোবা দিনা যদি কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে, কোনোবা দিনা পুনৰ বৃদ্ধি হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত ১৬ হাজাৰ ১৫৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। মৃত্যু হৈছে ৭৩৩জন লোকৰ। কোৰোণাৰ নতুন সংখ্যাকে ধৰি দেশত মুঠ কোৰোণা সংক্ৰমিত লোকৰ সংখ্যা এতিয়া ৩ কোটি ৪২ লাখ ৩১ হাজাৰ ৮০৯জন হৈছে।


স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, দেশত এতিয়ালৈ কোৰোণাৰ ১ লাখ ৬০ হাজাৰ ৯৮৯টা সক্ৰিয় ঘটনা আছে। আনহাতে, ৩ কোটি ৩৬ লাখ ১৪ হাজাৰ ৪৩৪জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। এতিয়ালৈ দেশত কোৰোণাত ৪ লাখ ৫৬ হাজাৰ ৩৮৬জন লোকৰ মৃত্যু হৈছে। ইফালে, এতিয়ালৈ ১,০৪,০৪,৯৯,৮৭৩জন লোকক ভেকচিন প্ৰদান কৰা হৈছে দেশত।

Post a Comment

Previous Post Next Post